ETV Bharat / state

মাজুলীত আছুৰ বিক্ষোভ কাৰ্য্যসূচী

author img

By

Published : Jan 23, 2021, 9:31 PM IST

মুখ্যমন্ত্ৰী সমষ্টিৰ মাজুলীত আছুৰ বিক্ষোভ কাৰ্য্যসূচী । জেৰেঙা পথাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আগমনত কলা কাপোৰ প্ৰদৰ্শন ।

মাজুলীত আছুৰ বিক্ষোভ কাৰ্য্যসূচী
মাজুলীত আছুৰ বিক্ষোভ কাৰ্য্যসূচী

মাজুলী, ২৩ জানুৱাৰী: জেৰেঙা পথাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আগমনত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শনিবাৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাইও প্ৰতিবাদ সাব্যস্ত কৰে । মাজুলী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ক'লা কাপোৰ প্ৰদৰ্শন কৰে । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা আৰু পৰিৱেশগত প্ৰভাৱ মূল্যায়ন চমুকৈ ই আই এ বাতিলৰ দাবীৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত এই প্ৰতিবাদ সাব্যস্ত কৰে । আছুৰ এই গণ বিক্ষোভ কাৰ্য্যসূচীত মাজুলীৰ শতাধিক আছু সদস্যই অংশগ্ৰহণ কৰে । 'কা' আমি নামানো চৰকাৰে 'কা' বাতিল কৰিবই লাগিব বুলি মাজুলীত আছুয়ে হুংকাৰ প্ৰদান কৰে ।

মাজুলীত আছুৰ বিক্ষোভ কাৰ্য্যসূচী

৬ নং দফাক লৈ বিশেষজ্ঞ কমিটীয়ে দিয়া প্ৰতিবেদন কাৰ্যকৰী কৰিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ পৰিৱৰ্তে বিশেষজ্ঞ কমিটীয়ে দিয়া প্ৰতিবেদন গ্ৰহণ কৰাৰ বাবেই সময় নোহোৱা বুলি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে মাজুলী জিলা ছাত্ৰ সন্থাই ৷ আজিৰ এই প্ৰতিবাদত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ লগতে অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধানৰো দাবী জনায় মাজুলী জিলা ছাত্ৰ সন্থাই ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধীতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে আজি ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী পালন কৰা হয় । অসমীয়া জাতিক প্ৰতাৰণা কৰাৰ দাবীত শুকুৰবাৰে আছুৱে ৰাজ্যৰ ভিন্ন ঠাইত ৰূপায়ণ কৰিছিল জোঁৰ সমদলৰ কাৰ্যসূচী । মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধীতাৰে ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:কলিয়াবৰত আৰম্ভ তৃতীয় প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.