মাজুলী,28 মাৰ্চ: শনিবাৰে মাজুলীত সংঘটিত হৈছে এক নিৰ্বাচনী হিংসাৰ ঘটনা । প্ৰশাসনৰ লোকে দুটাকৈ খালী ইভিএম লৈ উভতি অহাৰ সময়ত এখন ৱেগনাৰ গাড়ী ভাঙিলে দুৰ্বৃত্তই । ৱেগনাৰ গাড়ীখনৰ নম্বৰ AS-03 AB 4768 ৷
মাজুলী বিধানসভা সমষ্টিৰ জেংৰাইমুখ ১৪২ নং ভোট কেন্দ্ৰৰ পৰা ১৩৯ নং ভোট কেন্দ্ৰলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হয় দলটো । গাড়ীখনত চালক, চেক্টৰ অফিচাৰসহ দুটা ইভিএম মেচিন আছিল ।
লগতে পঢ়কঃ থাওৰাত পত্নীৰ সৈতে ভোটদান সুশান্ত বৰগোহাঁইৰ