ETV Bharat / state

মাজুলীত অনুষ্ঠিত হ’ল ৰাসলীলাৰ নাটমেলা পৰ্ব - মহাৰাস

লক্ষ্মী পূৰ্ণিমা উপলক্ষে মাজুলীত আজি মুকলি কৰা হ’ব আগন্তুক মহাৰাসৰ নাট ৷ পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে এই নাট মেলা পৰ্ব ৷ এতিয়াৰে পৰা পৰৱৰ্তী পূৰ্ণিমালৈ সম্পূৰ্ণ এমাহ খোল-তালৰ শব্দ ৰজনজনাব মাজুলীত ৷

majuli
মাজুলীত অনুষ্ঠিত হ’ল ৰাসলীলাৰ নাটমেলা পৰ্ব
author img

By

Published : Oct 20, 2021, 5:11 PM IST

মাজুলী, 20 অক্টোবৰ : মাজুলীৰ বাবে শৰৎ বুলিলেই যেন ৰাস আৰু পাল নাম । তাতে আজি লক্ষ্মী পূজা তথা কাতি মাহৰ পূৰ্ণিমা তিথি । মাজুলীৰ সমূহ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত বুধবাৰে লক্ষ্মী পূজাৰ এই পৱিত্ৰ ক্ষণতে পৰম্পৰাগতভাৱে মুকলি কৰা হ’ব ৰাস মহোৎসৱৰ নাট ৷ পৰৱৰ্তী ৰাস-পূৰ্ণিমা তিথিত অনুষ্ঠিত হ'ব লগা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা 'নাট মেলা পৰ্ব' মাংগলিক বিধি অনুসৰি অনুষ্ঠিত কৰা হয় এই লক্ষ্মী পূৰ্ণিমাত ।

শাৰদীয় মুখ্য উৎসৱ হিচাপে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰে মাজুলীত । আজিৰ পৰা অনাগত এমাহৰ বাবে সমগ্ৰ মাজুলী পৰ্যবসিত হ'ব লুইতৰ পাৰৰ বৃন্দাবনলৈ । গীতে-মাতে, খোলে-তালে চলি থাকিব কৃষ্ণৰ লীলা মহাৰাসৰ আখৰা । শিশুৰ পৰা যুৱক-যুৱতীলৈ সকলো ব্যস্ত হৈ পৰিব আখৰা কৰা ৷

মাজুলীত অনুষ্ঠিত হ’ল ৰাসলীলাৰ নাটমেলা পৰ্ব

শৰতৰ চন্দ্ৰাৱলী ৰাতি হৈ পৰিব অতি বিতোপন । বাঁহীৰ মাত শুনি ঘৰৰ কাম-বন একাষৰীয়া কৰি সকলো ঢপলিয়াই আহিব ৰাসৰ আখৰালৈ । দুপৰ নিশালৈকে চলিব আখৰা । মাজুলীৰ গড়মূৰ সত্ৰৰ বংশীগোপাল প্ৰেক্ষাগৃহতো নাট মেলা পৰ্ব আৰম্ভ হৈছে । আজিৰ পৰা এশবছৰ পূৰ্বে স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মুকলি মঞ্চ নিৰ্মাণ কৰি মহিলাই অভিনয় কৰিব পৰা ব্যৱস্থা কৰিছিল ৷ সেই আৰ্দশ আগত ৰাখি অৰ্ধশতাধিক মঞ্চ ৰাস উদযাপান কৰে মাজুলীত ।

ৰাসৰ বাবে ব্যস্ততা বাঢ়িব ৰাসৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীৰ পৰা মুখা শিল্পীলৈ, আয়োজকৰ পৰা ৰাসমেলাৰ খুচুৰা ব্যৱসায়ীলৈ ৷ ব্যস্ততাৰ শেষত ১৮, ১৯ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাসোৎসৱ । ২৬ শতাধিক শিল্পী কলা-কুশলীৰ লগতে পৰোক্ষ-প্ৰত্যক্ষভাৱে মাজুলীৰ ৰাইজ ব্যস্ত হ’ব ৰাসত । ঐতিহাসিক আউনীআটী, দক্ষিণপাট, চামগুৰি সত্ৰই ৰাস পূজা কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰই শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপালৰ আধাৰত ৰাস উদযাপন কৰিব ।

উত্তৰ কমলাবাৰী সত্ৰই মাজুলীলৈ অহা সকলো ভক্ত-দৰ্শনাৰ্থীৰ বাবে থকা-খোৱাৰো সু-ব্যৱস্থা কৰি আহিছে । অসম চৰকাৰৰ ক’ভিডৰ নিয়ম কঠোৰ নহ’লে উদুলি-মুদুলি হৈ পৰিব মাজুলী । আনন্দ উৎসৱেৰে লোকাৰণ্য হৈ পৰিব মাজুলী ৷ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা নাট মেলা পৰ্ব আৰু লক্ষ্মী পূজাৰ এই দিনটো মাজুলীৰ বাবে এটা বিশেষ দিন হিচাপে পৰিগণিত হৈ আহিছে ৷

লগতে পঢ়ক : নলবাৰীত বড়ো সমাজৰ মাইনাও ফোৰ্বো পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.