মাজুলী,20 নৱেম্বৰঃ অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰানুষ্ঠান সমূহলৈ যি ১০ লাখ টকাকৈ সাহাৰ্য আগবঢ়াইছে, সেই টকাৰে দক্ষিণপাট গৃহস্বামী সত্ৰত থকা সংস্কৃত বেদ পাঠশালাখনৰ এটি স্থায়ী গৃহৰ নিৰ্মাণৰ শুভ উদ্ধোধন কৰা হয় ।
![majuli-pathsala-inagruations](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-maj-01-majulinews-vis1-as10026_20112020101959_2011f_1605847799_233.jpg)
উজনী অসমৰ ভিতৰতে একমাত্ৰ ৰমানন্দ দেৱ গোস্বামী বেদ পাঠশালাখন তিনিমাহ পূৰ্বে ধুমুহাত ভাগি গৈছিল ৷ এই ভাগি যোৱা সংস্কৃত টোলখনৰ নতুন গৃহ নিৰ্মাণৰ কাম শুকুৰবাৰে আৰম্ভ কৰি শুভ উদ্ধোধন কৰিলে পৰিচালনা সমিতিয়ে। অসম দৰ্শন আঁচনিৰ অধীনত এইখন অতিথিশালা নিৰ্মাণৰ বাবে অসম চৰকাৰে যোগান ধৰিছিল ১০ লাখ টকা ৷ সত্ৰৰ পৰিচালনা সমিতিৰ আলোচনা মৰ্মে জৰাজীৰ্ণ হৈ থকা সংস্কৃত টোলখন ধুমুহাত ভাগি হেতুকে এই ধনেৰে পুনৰ নিৰ্মাণৰ বাবে সকলোৱে মতামত আগ বঢ়াইছিল ।
লগতে পঢ়কঃমাতৃৰ অন্তিম সৎকাৰৰ প্ৰাকক্ষণত মৃত্যুক সাৱতিলে পুত্ৰই