মাজুলী, 25 নৱেম্বৰ : এয়া আঘোনৰ বতৰ ৷ সোণগুটিৰ সোণোৱালী ৰঙে হাত বাউলি মাতে চহা কৃষিজীৱি অসমীয়াক ৷ আঘোনৰ পথাৰত ব্যস্ত মাজুলীৰ চহা কৃষক ৷ আঘোন বুলি ক'লেই যেন সোণোৱালী সুৱাস ৷

শাওনৰ বুকুৰ সেউজীয়াই ৰং সলাই সোণোৱালী হয় আঘোনত ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতিকেইডৰাই আঘোণ পোৱাৰ লগে লগে হাঁহি বিৰিঙি উঠে চহা কৃষকসকলৰ মুখত ৷ আঘোণৰ পথাৰত ব্যস্ত হৈ পৰে দাৱনী সকলে ৷
হেপাঁহৰ পথাৰৰ পৰা ডাঙৰী বান্ধি বোকোচাত কঢ়িয়াই সোণগুটি ৷ ৰাজ্যৰ আন আন ঠাইৰ লগতে আঘোনৰ পথাৰত ব্যস্ত হৈ পৰিছে মাজুলীৰ কৃষক দাৱনী ৷ জাক জাক দাৱনীৰ জাউৰিয়ে জাউৰিয়ে বিহু নাম ৷ সোণোৱালী ধাননিৰ মাজত দাৱনীৰ কিৰিলি ৷