ETV Bharat / state

মাজুলীৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী - অঘৰী বৃদ্ধাৰ কৰুণ কাহিনী

মাজুলীত এগৰী অঘৰী অসহায় বৃদ্ধাই মুকলি আকাশৰ তলত টিনপাতৰ ওপৰত শুই কটাইছে জীৱন । প্ৰায় ৭৫ বছৰীয়া বৃদ্ধা গৰাকীয়ে ওচৰ-চুবুৰীয়াই যোগান ধৰা আহাৰ গ্ৰহণ কৰিয়েই দিন-ৰাতি পাৰ কৰিছে ৷ মানসিকভাৱে দুৰ্বল বৃদ্ধাগৰাকীৰ ঘৰ যোৰহাটত ৷

মাজুলীত এগৰাকী অঘৰী বৃদ্ধাৰ কৰুণ কাহিনী
মাজুলীত এগৰাকী অঘৰী বৃদ্ধাৰ কৰুণ কাহিনী
author img

By

Published : Apr 24, 2020, 12:33 PM IST

মাজুলী, 24 এপ্ৰিল : মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত অফলামুখ ঘাটৰ সমীপৱৰ্তী এটা শিৱ মন্দিৰত প্ৰায় ৭৫ বছৰীয়া এগৰাকী অচিনাকি বৃদ্ধাই পাৰ কৰিছে দুৰ্বিষহ জীৱন । মন্দিৰটোৰ প্ৰাংগণত মুকলি আকাশৰ তলত মাটিত পেলাই থোৱা ওখোৰা-মোখোৰা টিনপাতৰ ওপৰতে শুইছে অসহায় বৃদ্ধাগৰাকীয়ে । ওচৰ-চুবুৰীয়াই যোগান ধৰা খাদ্যৰ ওপৰতে ভৰসা কৰি বৃদ্ধাগৰাকীয়ে দিন-ৰাতি পাৰ কৰিছে ।

মাজুলীৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী

জানিব পৰা মতে,প্ৰায় তিনিমাহ পূৰ্বে কমলাবাৰী ঘাটত উদ্ধাৰ হোৱা বৃদ্ধাগৰাকীক মাজুলী আৰু বনগাঁও আৰক্ষীয়ে অফলামুখৰ মনুৱা দাসৰ পৰিয়ালৰ হাতত গতাই দিছিল । বৃদ্ধাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত অফলামুখৰ পৰিয়ালটোক চহী কৰাই আৰক্ষীয়ে চমজাই দিছিল যদিও বৃদ্ধাগৰাকী তেওঁলোকৰ কোনো আত্মীয় বা চিনাকী নহয় বুলিহে মনুৱা দাসে উল্লেখ কৰে ।

মানসিকভাৱে দুৰ্বল বৃদ্ধাগৰাকীয়ে ওচৰৰে শিৱ মন্দিৰত আশ্ৰয় লয় আৰু তেতিয়াৰ পৰা মন্দিৰৰ মুকলি অংশটোৱেই বৃদ্ধা গৰাকীৰ শেষ আশ্ৰয় হৈ পৰিছে । সমীপৱৰ্তী ৰাইজে বৃদ্ধাগৰাকীক চিনি নাপায় বুলি কয় যদিও প্ৰতিদিনে ভিন্ন পৰিয়ালে বৃদ্ধাগৰাকীৰ বাবে চাহ-ভাতৰ যোগান ধৰে ।

তেওঁৰ ঘৰ যোৰহাটত,জন্ম অফলামুখ গাঁৱত আৰু তেওঁৰ নাম গোল মাই দাস বুলি জনায় । অঞ্চলবাসীয়ে জানিবলৈ দিয়া মতে,তেওঁলোকে বৃদ্ধাগৰাকীক লক ডাউনৰ বাবে নিজৰ ঘৰত ৰাখিব পৰা নাই যদিও কোনো কাৰণতে খাদ্যৰ সমস্যাত পৰিবলৈ দিয়া নাই বৃদ্ধাগৰাকীক ।

লগতে পঢ়ক : গোৱালপাৰাত ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.