ETV Bharat / state

Majuli music festival: মাজুলী মিউজিক ফেষ্টিভেল 2022ৰ তৃতীয় সংস্কৰণৰ আৰম্ভণি - lucky ali

মাজুলীত এতিয়া উখল-মাখল পৰিৱেশ ৷ মাজুলী মিউজিক ফেষ্টিভেলক লৈ মাজুলীবাসীৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে (Majuli music festival 2022) ৷ দেশী-বিদেশী বিভিন্ন সংগীত প্ৰেমীয়ে ভিৰ কৰিছেহি মাজুলীত ৷

majuli music festival
মাজুলী মিউজিক ফেষ্টিভেল 2022
author img

By

Published : Nov 26, 2022, 1:00 PM IST

মাজুলী, 26 নৱেম্বৰ : মাজুলী মিউজিক ফেষ্টিভেলৰ তৃতীয় সংস্কৰণৰ আৰম্ভণি ৷ মিউজিক ফেষ্টিভেলক লৈ উৎসাহী আয়োজকৰ লগতে মাজুলীৰ ৰাইজ ৷ অসমৰ থলুৱা গীত-মাত, বাদ্যযন্ত্ৰৰ লগতে উত্তৰ-পূৱৰ লোক সংগীতৰ বিপুল প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰা হৈছিল এই মিউজিক ফেষ্টিভেল ৷ এতিয়া সফলতাৰে তিনি বছৰত ভৰি দিয়া মাজুলী মিউজিক ফেষ্টিভেললৈ হেঁপাহেৰে বাট চাই ৰয় দেশৰ বিভিন্ন প্ৰান্তৰ সংগীত প্ৰেমীয়ে ৷

মাজুলীৰ খেৰকটীয়া পাৰত অনুষ্ঠিত হৈছে এই মাজুলী মিউজিক ফেষ্টিভেল ৷ তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই ফেষ্টিভেল ৷ পূৰ্বৰ দৰে এইবাৰো যথেষ্ট সঁহাৰি লাভ কৰিছে অনুষ্ঠানটোৱে ৷ দৰ্শকৰো যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে ৷ ইতিমধ্যেই বিভিন্ন প্ৰান্তৰ সংগীত শিল্পী গোট খাইছেহি মাজুলীত ৷ এইবাৰ মাজুলী মিউজিক ফেষ্টিভেলৰ মুখ্য় আকৰ্ষণ হ’ল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলী ৷

মাজুলী মিউজিক ফেষ্টিভেল 2022

সংগীত শিল্পীৰ লগতে উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন স্থানৰ মিউজিক বেণ্ডেও অংশগ্ৰহণ কৰিব এই মিউজিক ফেষ্টিভেলত ৷ মাজুলীৰ অৰ্থনৈতিক দিশটো অধিক উন্নয়নশীল আৰু টনকিয়াল কৰাৰ মানসেৰে এই ফেষ্টিভেলৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় আয়োজকে ৷

এই মিউজিক ফেষ্টিভেলত বিভিন্ন গীত নৃত্যৰ লগতে বিভিন্ন ধৰণৰ বিপনীৰ সমাহাৰ ঘটা দেখিবলৈ পোৱা গৈছে । এইবছৰ এই মাজুলী মিউজিক ফেষ্টিভেলত প্ৰায় 50,000 লোকৰ আগমণ হ’ব বুলি আশা কৰিছে আয়োজকসকলে ।

লগতে পঢ়ক : Rishab Shetty comments on Rashmika: ৰশ্মিকা মান্দানাৰ সৈতে কাম কৰিব নিবিচাৰে ঋষভ শেট্টীয়ে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.