মাজুলী,26 ফেব্ৰুৱাৰীঃ মাজুলী খোনাচুক গাঁৱৰ বিমান বৰাৰ বিয়া । এক বছৰীয়া আয়োজন অন্তত বিয়াখনৰ সকলো আয়োজন ঠিকে হ'ল। বিমান বৰা আৰু মাজুলীৰে এগৰাকী যুৱতীৰ লগত বিয়া ঠিক হৈছিল । অতিথি আপ্যায়নৰ বাবে খাদ্য সামগ্ৰী সকলো অনা হৈছিল ৷ ৰভা-পৰলী দি সকলো সাজু নকইনাক আদৰিবলৈ । আজি বিয়াৰ জোৰোণ, যাৱতীয় সা সমগ্ৰী লৈ দৰাৰ পৰিয়াল যাবলৈ ওলাল কইনাঘৰলৈ। ইমানলৈকে সকলো ঠিকেই আছিল। ইয়াৰ পাছতে ঘটনাই ল'লে বেলেগ মোৰ । বিয়াই দখল কৰিলে সংবাদ শিৰোনাম। বিয়াৰ দিনাই পুৱতি নিশা পলাই গ'ল কইনা। বিমান বৰাৰ কইনা পলাই গ'ল। হুৱাদুৱা লাগিল দৰা ঘৰত । সকলোৰে মূৰত যেন সৰগ ভাগি পৰিল,আলহী অতিথি নিমন্ত্ৰণ দি এতিয়া বিমোৰত দৰাৰ পৰিয়াল ।
এই ঘটনাৰ খবৰ ল'বলৈ যোৱা দৰা ঘৰীয়াক বৰ্বৰ আক্ৰমণ কৰিলে কইনা ঘৰীয়াই। দৰা ঘৰীয়াৰ ককায়েককে ধৰি সকলোকে ৰূমত সুমুৱাই লৈ প্ৰহাৰ কৰিলে কইনাঘৰীয়াৰ লোকে।
বিয়া ঘৰ গৈ ৰণ ক্ষেত্ৰত পৰিণত হ'ল ৷ এই ঘটনাৰ পিচতে এতিয়া দৰা ঘৰত পৰি ৰৈছে কইনা পাটৰ কাপোৰ সোনৰ গহনা। তেজেৰে তুমুৰলি দৰাৰ ককায়েক সহ পৰিয়ালে মাৰ খাই কথমপি পলাই হাজিৰ হ'লহি থানাত। গড়মূৰ আৰক্ষী থানাত দৰাৰ এজাহাৰ। ন্যায় বিচাৰিছে পৰিয়াল আৰু দৰা বিমানে। বিমানৰ বিয়াক লৈ এতিয়া মাজুলীত ব্যাপক চৰ্চা ।
লগতে চাওকঃ অসম চুক্তি 6 নং দফাৰ চূড়ান্ত প্ৰতিবেদন : প্ৰতিক্ৰিয়া প্ৰকাশ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ