ETV Bharat / state

মাজুলীয়ে কান্দিছে ! চপৰা চপৰে মাজুলী খহিছে - জিলা প্ৰশাসন

গৰু গোহালি, মুকলি আকাশৰ তলত কণ কণ শিশুৰ সৈতে বাস কৰিছে খহনীয়াগস্তই । এই ক্ষেত্ৰত নিৰৱ হৈ ৰৈছে চৰকাৰ জিলা প্ৰশাসন, তথা ব্ৰহ্মপুত্ৰ ব’ৰ্ড । ইপিনে হাতত বেনাৰ লৈ ক্ষোভিত হৈ পৰিছে দুৰ্ভগীয়া ৰাইজ । ব্ৰহ্মপুত্ৰ হায় হায়, প্ৰশাসন হায় হায়, জনপ্ৰতিনিধি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মাজুলীবাসীয়ে ৷

মাজুলীয়ে কান্দিছে !
মাজুলীয়ে কান্দিছে !
author img

By

Published : Oct 8, 2020, 7:54 PM IST

মাজুলী, 8 অক্টোবৰ : মাজুলীবাসীৰ খং উঠিছে ৷ সহজ সৰল মাজুলীৰ বুকুৰ আঘাত কোনেও নুবুজে কোনেও নুশুনে ৷ নদীৰ পাৰত উচুপি উঠিছে খহনীয়া গ্ৰস্থ ৰাইজ । মাজুলীৰ ভকত চাপৰিত অব্যাহত আছে ভয়াবহ খহনীয়া । মাজুলী ভকতচাপৰি আৰ্দশ গাঁও চামগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংহাৰি ৰূপ ধাৰণ কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে ৮ টাকৈ পৰিয়ালৰ ঘৰৰ ভেটি । খং আৰু ক্ষোভত নিজ হাতেৰেই ভাঙিছে নিজেই সজা ঘৰ ৷ সুবিধাবাদীৰ দলবোৰে মাজুলীবাসীক বাৰে বাৰে ঠগে ৷ জনপ্ৰতিনিধি, ৱাৰ্ড সদস্য কাৰোৱেই হাতত মাজুলীৰ খবৰ লবলৈ আহৰি নাই ৷

মাজুলীয়ে কান্দিছে !

গৰু গোহালি, মুকলি আকাশৰ তলত কণ কণ শিশুৰ সৈতে বাস কৰিছে খহনীয়াগস্তই । এই ক্ষেত্ৰত নিৰৱ হৈ ৰৈছে চৰকাৰ জিলা প্ৰশাসন, তথা ব্ৰহ্মপুত্ৰ ব’ৰ্ড। ইপিনে হাতত বেনাৰ লৈ ক্ষোভিত হৈ পৰিছে দুৰ্ভগীয়া ৰাইজ । ব্ৰহ্মপুত্ৰ হায় হায়, প্ৰশাসন হায় হায়, জনপ্ৰতিনিধি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মাজুলীবাসীয়ে ৷

উল্লেখ্য যে, বৰ্তমানলৈ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ২৩৭ কোটি টকাৰ সুৰক্ষাৰ আঁচনিৰ সংস্থাপিত জি অ বেগ ৷ টি কে ইঞ্জিনিয়াৰিং কোম্পানীৰ লুণ্ঠনৰ ফল ভূগিছে নৈপৰীয়া মাজুলীয়ে ৷

কুম্ভকৰ্ণৰ নিদ্ৰাত থকা মাজুলী জিলা প্ৰশাসন ,বৰ্ড আৰু চৰকাৰী বিভাগে কেতিয়া বুজিব মাজুলীৰ দুখ । উদ্ধাৰ হ’বনে মাজুলীবাসী ? সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : হাথৰস-আলিগড়লৈ আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.