ETV Bharat / state

HS Result 2022: বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত মাজুলী

বাণিজ্য শাখাৰ জৰিয়তে গৌৰৱৰ অধিকাৰী হ’ল মাজুলী জিলা (HS Result 2022)৷ সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত ৰাজ্যৰ ভিতৰতে বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

HS Result 2022
বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত মাজুলী
author img

By

Published : Jun 27, 2022, 6:31 PM IST

মাজুলী, 27 জুন: সোমবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল (HS Result 2022)। এই ফলাফলত বানিজ্য শাখাত মাজুলী জিলাই লাভ কৰিলে বিশেষ সফলতা ৷ বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় মাজুলী ।

বাণিজ্য শাখাৰ এই ফলাফলে মাজুলীৰ প্ৰতিজন লোকৰ মনলৈ কঢ়িয়াই আনিলে আনন্দৰ বতৰা । ইফালে এই বছৰৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত মাজুলী জিলাত বাণিজ্য শাখাৰ লগতে কলা শাখাত 87.04 % আৰু বিজ্ঞানত 78.80% উত্তীৰ্ণ হয় ।

বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত মাজুলী

বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণ হৈ অসমৰ ভিতৰত মাজুলীয়ে প্ৰথম স্থান লাভ কৰাত সুখী অনুভৱ কৰাৰ লগতে মনৰ ভাৱ প্ৰকাশ কৰিছে চামগুৰি সত্ৰ ৰাৱণাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে । উক্ত বিদ্যালয়খনৰ পৰাও বাণিজ্য শাখাত 100 শতাংশ উত্তীৰ্ণ হোৱাৰ লগতে বিদ্যলয়খনত থকা শিক্ষকৰ অভাৱৰ সন্দৰ্ভতো মন্তব্য কৰিলে অধ্যক্ষগৰাকীয়ে (Majuli 100 percent pass rate in commerce stream)৷

লগতে পঢ়ক: ৰিজাল্টক লৈ সুখী শিক্ষামন্ত্ৰী: প্ৰদান কৰা হ’ব স্কুটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.