মাজুলী, 1 ছেপ্তেম্বৰ : ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে নদীদ্বীপ মাজুলীৰ বান পৰিস্থিতি ৷ ইতিমধ্যে বানত বুৰ গৈছে প্ৰায় অৰ্ধ শতাধিক গাঁও ৷ ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ ফেনে-ফোটোকাৰে বাঢ়ি আছে মাজুলীৰ উত্তৰে থকা সোৱণশিৰি নৈ ৷ যাৰ ফলত পৰিৱেশ আৰু অধিক জটিল হৈ পৰিছে ৷ মাজুলীৰ গড়মূৰস্থিত চিআৰপিএফ কেম্পটো বানত বুৰ যোৱাত হাহাকাৰ লাগে জোৱানসকলৰ মাজত ৷
জোৱানসকলে নিজ নিজ অস্ত্ৰ, প্ৰয়োজনীয় খোৱা খাদ্য, বিচনা, প্ৰয়োজনীয় সামগ্ৰী লৈ প্ৰায় 110 গৰাকী জোৱান মথাউৰিলৈ উঠি আহে ৷ কেম্পটোত প্ৰায় এঘণ্টাৰ ভিতৰত ৪ ফুট পৰ্যন্ত পানী বাঢ়ে ৷ ফলত খৰতকীয়াকৈ সামগ্ৰীসমূহ কঢ়িয়াই নিবলগীয়া হয় জোৱানসকলে ৷ সম্প্ৰতি জোৱানসকলক মাজুলীৰ গড়মূৰ সত্ৰৰ প্ৰেক্ষাগৃহত থাকিবলৈ ব্যৱস্থা কৰি দিছে জিলা প্ৰশাসনে ৷
ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে ইতিমধ্যে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে মাজুলী-নিমাতী ফেৰী সেৱা ৷
লগতে পঢ়ক : চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিলৈ ৰাওঁনা আলোচনাপন্থী ছয় উগ্ৰপন্থী সংগঠন