ETV Bharat / state

আজিৰ পৰা পুনৰ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা - Majuli District Administration

অনিদিষ্ট কালৰ বাবে বন্ধ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা । শুকুৰবাৰৰ পৰা বন্ধ ৰখা হৈছে ফেৰীৰ চলাচল । ফেৰী ঘাটত যাত্ৰীৰ হাহাকাৰ ।

Majuli ferry service remain closed
আজিৰ পৰা পুনৰ বন্ধ মাজুলী নিমাতী ফেৰী সেৱা
author img

By

Published : Aug 27, 2021, 10:40 AM IST

মাজুলী, ২৭ আগষ্ট: শুকুৰবাৰৰ পৰা পুনৰ বন্ধ হৈ পৰিল মাজুলী-নিমাতী ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে মাজুলী জিলা প্ৰশাসনে অনিদিষ্ট কালৰ বাবে বন্ধ কৰিছে ফেৰীৰ চলাচল । পূৰ্বে আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ সময়ত ফেৰী সেৱাও বন্ধ কৰি ৰখা হৈছিল । যোৱা ১৮ আগষ্টৰ পৰা পুনৰ লুইতৰ বুকুৰে ফেৰীৰ চলাচল আৰম্ভ হৈছিল যদিও এতিয়া ব্ৰহ্মপুত্ৰৰ নদীৰ পানী বিপদসীমাৰ ৯৮ ছেঃমিঃ ওপৰেৰে বৈছে বাবে পুনৰ বন্ধ কৰা হৈছে মাজুলী-নিমাতী ফেৰী সেৱা ।

Majuli ferry service remain closed
আজিৰ পৰা পুনৰ বন্ধ মাজুলী নিমাতী ফেৰী সেৱা

আনহাতে, হঠাতে ফেৰী সেৱা বন্ধ হৈ পৰাত দুয়ো পাৰৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ফেৰী ঘাটৰ পৰাই উভতিবলগীয়া হৈছে শ শ যাত্রী । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ সময়ত নদীৰ বুকুৰে ফেৰী চলাচল কৰিলে যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মাজুলী জিলা প্ৰশাসনে ।

সমান্তৰালকৈ মাজুলীৰ উত্তৰ দিশে সোৱণশিৰি নদী বিপদসীমাৰ ৮৫ ছেঃমিঃ ওপৰেৰে বৈ আছে । নৈৰ জলপৃষ্ঠ ওফন্দি উঠাৰ বাবে শংকিত হৈ পৰিছে মাজুলীবাসী । পুনৰ প্ৰলংয়কাৰী বানে মাজুলীক প্লাৱিত কৰাৰ আশংকা বৃদ্ধি পাইছে ।

লগতে পঢ়ক:ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.