মাজুলী, 23 নৱেম্বৰঃ ৰাজ্যজুৰি আৰম্ভ হৈছে শীতৰ প্ৰকোপ ৷ মাজুলীত ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজতে আবদ্ধ যাত্ৰীবাহী ফেৰী ৷ মাজুলী অফলামুখৰ পৰা নিমাতী ঘাটলৈ আহি থকাৰ মাজভাগতেই ঘন কুঁৱলীৰ বাবে আগুৱাব নোৱাৰিলে এখন যাত্ৰাবাহী ফেৰীয়ে ৷ উল্লেখ্য যে, ফেৰীসমূহত দিক নিৰ্ণয় যন্ত্ৰ নথকাৰ বাবে প্ৰায়েই হাৰাশাস্তিৰ সন্মূখীন হ’বলগীয়া হয় সাধাৰণ যাত্ৰীসকলে ৷ ব্ৰহ্মপুত্ৰৰ মাজভাগতে আৱদ্ধ হৈ পৰা ফেৰীখনৰ যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয় ৷
ইফালে ঘন কুঁৱলীৰ বাবে নিমাতী ঘাটৰ পৰা অফলামুখলৈ অহা ফেৰীও আবদ্ধ হৈ আছে ৷ ইয়াৰ পিচতো এতিয়ালৈকে গুৰুত্ব নাই মাজুলী জিলা প্ৰশাসন তথা আভ্যন্তৰীণ জল পৰিৱহণ বিভাগৰ ৷
আৰু পঢ়কঃ পৰ্যটকৰ বাবে অচিৰেই মুকলি হ’ব বগামাটি