ETV Bharat / state

ধুলিয়ৰি বাটেৰে আহিছে উতনুৱা ফাগুন...

author img

By

Published : Feb 14, 2020, 5:42 PM IST

ফাগুনৰ মায়া আছে,ফাগুনে মায়া সানে ৷ ফাগুনে আশাৰ বতৰা আনে,ফাগুনে মন পুলকিত কৰে ৷ নতুন আশাৰ নাম ফাগুন,পুৰাতন শিহৰণৰ নাম ফাগুন,উৰুঙা মনক হেঁচি থকা এবোজা দুখৰ নাম ফাগুন ৷ পিচে উৰুঙা,উদাস,দুষ্ট আদি দুৰ্নামেৰে বদনামী হ'লেও ফাগুনে দিয়ে সৃষ্টিৰ বতৰা ৷ বাংময় মৌনতাৰ বুকুত লিখিত হয় নৱসৃষ্টিৰ বৰ্ণিল পাণ্ডুলিপি ৷

ধুলিয়ৰি বাটেৰে আহিছে উতনুৱা ফাগুন...
ধুলিয়ৰি বাটেৰে আহিছে উতনুৱা ফাগুন...

মাজুলী,14 ফ্ৰেৱুৱাৰীঃ ধীৰে ধীৰে ম্লান পৰিবলৈ ধৰিছে শীতৰ প্ৰকোপ ৷ ক্ৰমে নোহোৱা হৈছে দিগন্ত প্ৰসাৰি বিস্তাৰিত কুঁৱলীৰ সেমেকা আচ্ছাদন ৷ উদং আকাশ উৰুঙা বতাহ,কেউফালে শুষ্কতা আৰু উদাসীনতা ৷ কাৰণ শীৰ্ণ নদীৰ শুষ্ক বলুকাত নিজৰ স্বাক্ষৰ লিখি ধৰালৈ ফাগুন নামিছে ৷ কেউফালে শুনা গৈছে ধুলিয়ৰী পচোৱাৰ মাজে মাজে সৰাপাতৰ গুঞ্জন ৷ শিমলু পলাশ মদাৰৰ জুইয়ে শুৱাইছে ছাঁইৰঙী আকাশ ৷ তাৰ মাজে মাজে উন্মনা গাভৰুৰ আঁচল উৰুৱাই আহিছে ফাগুন ৷

MAJULI FAGUN SPECIAL STORY ASSAM ETV BHARAT
শিমলু তোলাই আনিছে চঞ্চলা ফাগুনৰ বতৰা

ফাগুনৰ মায়া আছে,ফাগুনে মায়া সানে ৷ ফাগুনে আশাৰ বতৰা আনে,ফাগুনে মন পুলকিত কৰে ৷ নতুন আশাৰ নাম ফাগুন,পুৰাতন শিহৰণৰ নাম ফাগুন,উৰুঙা মনক হেঁচি থকা এবোজা দুখৰ নাম ফাগুন ৷ পিচে উৰুঙা,উদাস,দুষ্ট আদি দুৰ্নামেৰে বদনামী হ'লেও ফাগুনে দিয়ে সৃষ্টিৰ বতৰা ৷ বাংময় মৌনতাৰ বুকুত লিখিত হয় নৱসৃষ্টিৰ বৰ্ণিল পাণ্ডুলিপি ৷

ফাগুনৰ মায়া আছে,ফাগুনে মায়া সানে

ৰিক্ততাৰে ভাৰাক্ৰান্ত ফাগুনে পিচে হৰণ কৰি নিনিয়ে সকলো ৷ বৰঞ্চ দি যায় নতুনৰ আশা ৷ ফাগুনতেই মিচিং জনজাতীয় লোকসকলে পালন কৰে হেঁপাহৰ আলি-আয়ে-লৃগাং ৷ ৰঙা ৰিবিগাচেং কিম্বা মিবুগালোক পিন্ধি মিচিং ডেকা-গাভৰুৱে নাচে হৃদয় সুৰীয়া তানৰ ঐনিতম ৷ তাৰোপৰি এই ফাগুনতেই প্ৰাণৰ হোলী উৎসৱ পালন কৰে সকলোৱে ৷ ফাগুনে ৰং লগাব জানে,ৰং বিলাব জানে ৷

আলি আই লিগাঙৰ প্ৰস্তুতি মিছিং গাভৰুৰ

ফাগুনৰ বিচিত্ৰতাই এবাৰ চুই যায় সকলোৰে হৃদয় ৷ সকলো যেন হাবিয়াস থাকে চঞ্চলা পচোৱাজাকৰ সৈতে এবাৰ ধেমালি খেলাৰ ৷ প্ৰতিজনৰ বুকুলৈ এবুকু আশাহৈ বৈ অহা এক অনামী শিহৰণ এই ফাগুন ৷ সেয়ে হে কবিয়ে কৈছে মোকতো পোৱাই চিনি /মই যে ফাগুন/অঁকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে/মোৰতো অনেক বদনাম/চাদৰৰ আঁচলেৰে নিচান উৰুওৱা আৰু ধূলিৰে দুচকু ঢাকি/ অচিনাকী বান্ধৱীৰ প্ৰথম দেখাৰ মুহূৰ্তটো খেলিমেলি কৰি দিয়া মোৰ জঘন্য অভ্যাস ৷

মদাৰৰ ৰঙে ৰাঙলী কৰা ফাগুনৰ এটা দৃশ্য

লগতে চাওকঃনিৰ্ভয়া কাণ্ডঃআদালতে 17 ফেব্ৰুৱাৰীলৈ স্থগিত ৰাখিলে মৃত্যুদণ্ডৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.