ETV Bharat / state

নিমাতী ফেৰী সেৱাৰ ভাড়া বৃদ্ধিক লৈ সৰৱ মাজুলী ছাত্র সন্থা - মাজুলী জিলা ছাত্র সন্থা

অপ্ৰতিৰোধ্য মূল্যবৃদ্ধি ৷ শীঘ্ৰেই বৃদ্ধি পাব নিমাতী ফেৰী সেৱাৰ ভাড়া ৷ মাজুলী-নিমাতী ফেৰী সেৱাৰ ভাড়া বৃদ্ধিক লৈ সৰৱ মাজুলী জিলা ছাত্র সন্থা (Majuli district AASU against Nimati Ferry fare hike)৷ শীঘ্ৰেই ভাড়া বৃদ্ধিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত পৰিহাৰ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ মাজুলী জিলা ছাত্র সন্থাৰ ৷

majuli-district-aasu-against-nimati-ferry-fare-hike
নিমাতী ফেৰী সেৱাৰ ভাড়া বৃদ্ধিক লৈ সৰৱ মাজুলী জিলা ছাত্র সন্থা
author img

By

Published : May 10, 2022, 10:03 PM IST

মাজুলী, 10 মে' : যি সময়ত মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যবাসীক জুৰুলা কৰি আহিছে (Price hike in Assam) তেনে সময়তে মাজুলীৰ ৰাইজৰ মূৰত পুনৰ মাধমাৰ সোধোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ।

ৰাজ্যৰ অন্য সকলো বয়বস্তুৰ দৰে নদী পথবোৰত ফেৰীৰ ভাড়াও অতি শীঘ্ৰেই দুগুণলৈ বৃদ্ধি হ’ব । সমান্তৰালকৈ মাজুলী-নিমাতী ফেৰী সেৱাৰ (Nimati Ferry service) ভাড়া দুগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে (Majuli district AASU against Nimati Ferry fare hike) ।

নিমাতী ফেৰী সেৱাৰ ভাড়া বৃদ্ধিক লৈ সৰৱ মাজুলী জিলা ছাত্র সন্থা

সম্প্ৰতি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্তৰ পিচতে জাঙুৰ খাই উঠিছে মাজুলী জিলা ছাত্র সন্থা ।

এই সন্দৰ্ভত মাজুলী জিলা ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মাজুলী-নিমাতীৰ মাজত চলাচল কৰা এই ফেৰী সেৱাত ভাড়া বৃদ্ধিৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত শীঘ্ৰেই পৰিত্যাগ কৰক ৷

অন্যথা চৰকাৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে মাজুলী জিলা ছাত্র সন্থাই ৷ লগতে কোনো কাৰণতে এই ভাড়া বৃদ্ধিৰ সিদ্ধান্ত মানি লোৱা নহ'ব বুলি মাজুলী জিলা ছাত্র সন্থাই সকিয়াই দিয়ে ৷

Majuli district AASU against Nimati Ferry fare hike

উল্লেখ্য যে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ শাখাৰ অধীনত সকলো ফেৰী সেৱাৰ যাত্ৰী আৰু সামগ্ৰীৰ শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়াৰ উদ্দেশ্যে শীঘ্ৰেই ভাড়া বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । নতুন প্ৰস্তাৱ অনুসৰি বৰ্তমানৰ যাত্ৰীৰ ভাড়া ২.৫০ টকা হোৱা স্থানত ৫ টকালৈ বৃদ্ধি হ’ব পাৰে ।

লগতে পঢ়ক : বিলুপ্তিৰ পথত জোনাইত ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.