ETV Bharat / state

মাজুলীৰ ইতিহাসত নজিৰবিহীন ঘটনা: সত্ৰাধিকাৰক ন্যায়ালয়ৰ চমন - মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত

দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীক ন্যায়ালয়ৰ কাঠগড়াত হাজিৰ হ'বলৈ আদেশ মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ ৷ ১১ ছেপ্তেম্বৰত হাজিৰ হ'ব লাগিব সত্ৰাধিকাৰ গৰাকী ৷

সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীক মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ চমন
author img

By

Published : Sep 6, 2019, 2:29 PM IST

Updated : Sep 6, 2019, 2:37 PM IST

মাজুলী, 6 ছেপ্তেম্বৰ: সত্ৰভূমি মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনৰ অভিযোগ কৰি তাৰ বিৰুদ্ধে সততে মাত মাতি অহা দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীক চমন জাৰি কৰিছে মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৷ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন ক্ষেত্ৰ হিচাপে পৰিচিত মাজুলীৰ ইতিহাসত এগৰাকী সত্ৰাধিকাৰক ন্যায়ালয়ে চমন জাৰি কৰা এইটোৱে প্ৰথম ঘটনা ৷

দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীক আদালতৰ চমন

মন কৰিব লগীয়া যে হিন্দু ৰক্ষা সেনা নামৰ এটা হিন্দুত্ববাদী সংগঠনৰ অসম প্ৰভাৰী তথা অসম সত্ৰ মহাসভাৰ মাজুলী জিলা সমিতিৰ কাৰ্যকৰ্তা জনাৰ্দন দেৱ গোস্বামীৰ ওপৰত প্ৰশান্ত পায়েং নামৰ এজন এক ব্যক্তিয়ে গোচৰ ৰুজু কৰিছিল, এতিয়া সেই গোচৰ সন্দৰ্ভতে চমন জাৰি কৰা হৈছে সত্ৰাধিকাৰ গৰাকীক ৷ গোস্বামীয়ে বিগত সময়ত মাজুলীত খ্ৰীষ্টান বিৰোধী আন্দোলন আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল ৷ চমন জাৰি সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে ৷ তেওঁ কয় যে সত্ৰ নগৰীখনত ব্যাপক হাৰত আৰম্ভ হোৱা খ্ৰীষ্টান আগ্ৰাসন ৰোধৰ বাবে তেওঁ মাত মাতি অহাৰ কাৰণে তেওঁৰ দৰে সত্ৰাধিকাৰো আইনৰ চকুত অভিযুক্ত হৈছে ৷

ইফালে সাংবাদিক আগত বহুতো বিতৰ্কিত মন্তব্যও আগবঢ়াই সত্ৰাধিকাৰ তথা হিন্দু ৰক্ষা সেনা অসম প্ৰভাৰী জনাৰ্দন দেৱ গোস্বামীয়ে ৷ তেওঁ কয়,"মুছলমান আৰু খ্ৰীষ্টানসকলক মাজুলীৰ পৰা খেদি পঠোৱা উচিত ৷" তেওঁ হিন্দুসকল বিপদৰ সন্মুখীন হোৱাৰ কথা সদৰি কৰি ভেটিকান চিটিত হিন্দুক মন্দিৰ বনাবলৈ দিব নে নাই বুলি সংবাদিকৰ আগত প্ৰশ্ন উত্থাপন কৰে ৷

সত্ৰাধিকাৰ গোস্বামীক এইদৰে ন্যায়ালয়ে চমন জাৰি কৰা কাৰ্যই এতিয়া নদীদ্বীপত কৃষ্টি-সংস্কৃতিৰ সংকট ঘনীভূত হোৱাৰ কথাকে সূচাইছে ৷ এফালে যদি মাজুলীৰ দুখীয়া নৈপৰীয়া জনজাতীয় লোক সকলৰ মাজত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন ঘটিছে আনফালে সত্ৰনগৰীত এতিয়া ঘটিছে হিন্দুত্ববাদৰ চৰম উত্থান ৷ আগন্তুক সময়ত সত্ৰাধিকাৰ গৰাকীৰ ওপৰত ৰুজু হোৱা গোচৰ সন্দৰ্ভত গোচৰ সন্দৰ্ভত ন্যায়ালয়ে কি ৰায় দিয়ে সেইয়া হে লক্ষণীয় হ'ব ৷

Intro:সত্ৰভূমি মাজুলীৰ ইতিহাসত নজিৰ বিহীন ঘটনা………

মাজুলীৰ সত্ৰাধিকাৰলৈ অাহিল ন্যায়ালয়ৰ চমন……

পোন প্ৰথম বাৰৰ বাবে সত্ৰাধিকাৰ হাজিৰ হব লাগিব ন্যায়ালয়ৰ কাঠগড়াত……

মাজুলীৰ ঐতিহাসিক দক্ষিনপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী লৈ অাহিছে ন্যায়ালয়ৰ চমন…।

১১ চেপ্তেম্বৰত হাজিৰ হব লাগিব কাঠগড়াত……

এই ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে…।

উল্লেখ্য যে দক্ষিনপাট অাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে প্ৰশান্ত পায়েং নামৰ এজন ব্যক্তিয়ে গোচৰ ৰুজু কৰিছে…।

জানিব পৰা মতে … খ্ৰীষ্ট্ৰান অাগ্ৰাসনে সত্ৰভূমি তথা গুৰু দুজনাৰ মনিকাঞ্চন ক্ষেত্ৰ মাজুলীৰ কৃষ্টি সংস্কৃতি সভ্যতা বিলোপ কৰাৰ সময়তে সত্ৰাধিকাৰ গোস্বামীয়ে বিগত সময়ৰ পৰা মাজুলীত খ্ৰীষ্ট্ৰান বিৰোধী অান্দোলন অাৰম্ভ কৰিছিল…।বিভিন্ন সময়ত মাজুলীৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্ট্ৰান অাগাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এনে কাৰনতে তেখেতক অাইনে দোষী সাব্যস্ত কৰিছে বুলি সত্ৰাধিকাৰে জানিবলৈ দিছে সাংবাদিকক।

বাইট … সত্ৰাধিকাৰ

ইফালে এই কাণ্ডই এতিয়া মাজুলীত তুমূুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মাজুলীৰ ইতিহাসত এয়াই নতুন। প্ৰথম বাৰৰ বাবে প্ৰবিত্ৰ সত্ৰৰ সত্ৰাধিকাৰে ন্যায়ালয়ৰ কাঠগড়াত ঠিয় হব লাগিব…।Body:মাজুলীৰ পৰা যদুমণি শইকীয়াConclusion:
Last Updated : Sep 6, 2019, 2:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.