মাজুলী, 1 নৱেম্বৰ : এফালে কভিড প্ৰ'টকল আনফালে সাতামপুৰুষীয়া মাজুলীৰ ৰাসোৎসৱ উদযাপন । যোৱা 29 অক্টোবৰত জিলা প্ৰশাসনে দল-সংগঠন আৰু ৰাসোৎসৱ উদযাপন সমিতিক লৈ সভা অনুষ্ঠিত কৰিছিল । সভাত নীতি নিৰ্দেশনা বান্ধি দিছিল উদযাপন সমিতিসমূহক । 4 নৱেম্বৰত নিজ নিজ সমিতিয়ে নিজ নিজ অঞ্চলত আলোচনা কৰি প্ৰতিবেদন প্ৰশাসনক দাখিল কৰিবলৈ নিৰ্দেশনা দিছে । কিন্তু একাংশই মুখ্যমন্ত্ৰীৰ নাম লৈ চছিয়েল মিডিয়াত অপপ্ৰচাৰ চলাইছে । পূৰ্ণ পৰ্যায়ত ৰাসোৎসৱ অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া বুলি মুখ্যমন্ত্ৰীৰ নামত অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক কঠোৰ হৈছে । এয়া ভুৱা প্ৰচাৰ ইয়াক বিশ্বাস নকৰিবলৈ আহ্বান জনায় মাজুলী আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনে । কি অভিপ্ৰায় লৈ এচামে মাজুলীৰ গৌৰৱ ৰাসক লৈ এনে প্ৰচাৰ চলালে তাৰ উৎস বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : ৰঙিয়া আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত