মাজুলী, 5 জানুৱাৰী: সন্মুখত ভোগালী ৷ ইতিমধ্যেই ভোগালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী ৷ পিছ পৰি থকা নাই সত্ৰনগৰী মাজুলীয়ো ৷ মাজুলীৰ বিভিন্ন ঠাইত ভেলাঘৰ নিৰ্মানত ব্যস্ত হৈ পৰিছে ৰাইজ ৷
সমান্তৰালকৈ, নামনি মাজুলীৰ চিলাকলা গাৱঁৰ ৰাইজে প্ৰতিবছৰৰ দৰে এইবেলিও নিৰ্মান কাৰ্য হাতত লৈছে এটি বিশেষ আৰ্হিৰ ভেলাঘৰৰ ৷ চিলাকলাবাসীয়ে এইবেলি তাজমহলৰ আৰ্হিত ভেলা ঘৰ সাজি উলিয়াবলৈ প্ৰস্তুতি হাতত লৈছে ৷ ইতিমধ্যে ভেলাঘৰৰ আধা কাম সম্পূৰ্ণ হৈছে ৷ অহা 5/6 দিনৰ ভিৰত বাকী থকা কামখিনিও সম্পূৰ্ণ হৈ উঠিব বুলি জনায় স্থানীয় যুৱকে ৷ ভোগলীত ভেলাঘৰৰ তলত লগে ভাগে এসাঁজ খাই মিলাপ্ৰিতী আৰু শান্তি-সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা আগবঢ়াব গাঁওবাসীয়ে ৷ ইয়াকে লৈ উৎসুক হৈ পৰিছে চিলাকলাবাসী ৰাইজ ৷
লগতে পঢ়ক-গুৱাহাটীৰ বিখ্যাত গগৈ পৰ্ক আৰু ইয়াৰ আঁৰৰ ব্যক্তিজন