মাজুলী, 20 জানুৱাৰীঃ হিন্দু বাংলাদেশীক ৰঙা দলিছা পাৰি অসমত সংস্থাপনৰ যো জা চলোৱা ৰাজ্য চৰকাৰ খনৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ চলাই থকাৰ সময়তে অসমত বাংলা ভাষাই খোপনি পতাৰ যেন ইংগিত বহন কৰিছে চৰকাৰ খনৰ ভিন্ন কাৰ্য কলাপে। মাত্ৰ কেইদিন মান পূৰ্বে মাজুলীৰ বহু কেইখন বিদ্যালয়লৈ বাংলা ভাষাৰ কিতাপ যোগান ধৰাৰ পাচত এইবাৰ স্বাস্থ্য বিভাগৰ বাংলা ভাষাৰ প্ৰ পত্ৰই পুনৰ জোকাৰি গৈছে মাজুলীক।
দেওবাৰে পালছ পলিঅ' দিৱস উপলক্ষে মাজুলীৰ ভিন্ন স্থানত থকা উপ স্বাস্থ্য কেন্দ্ৰ,আংগনবাদী কেন্দ্ৰ সমূহত শিশু সকলক দুটোপাল পলিঅ' প্ৰতিষেধক প্ৰদান কৰিছিল । পালছ পলিঅ' প্ৰতিষেধক প্ৰদান কৰা এই কাৰ্যসূচীৰ যোগে যি সকল শিশুক সামৰি লোৱা হ'ল প্ৰতিটো শিশুৰ বিতং তথ্য লিপিবদ্ধ কৰিবৰ বাবে স্বাস্থ্য বিভাগে টেলি ছিট,হম টু হম ফৰ্ম আৰু এক্স ছিট নামৰ তিনি খন ফৰ্ম পূৰাবলৈ দিছিল স্বাস্থ্য কৰ্মীসকলক কিন্তু আশ্বৰ্যজনকভাৱে এই ফৰ্ম সমূহ ইংৰাজী আৰু বাংলা ভাষাত প্ৰেৰণ কৰাত স্বাস্থ্য কৰ্মী সকল বিবুদ্ধিত পৰে । পূৰ্বেতে এনে কার্যসূচীত ইংৰাজী আৰু অসমীয়া ভাষাত অহাৰ বিপৰীতে ফৰ্ম সমূহ সম্প্ৰতি অসমীয়াৰ ঠাইত বাংলা ভাষাত অহাত হতচকিত হৈ পৰিছে স্বাস্থ্য কৰ্মীসকলৰ লগতে সচেতন লোক । এই সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মাজুলী জিলা স্বাস্থ্য বিষয়া ডাঃ বিমল পেগুৱে জানিবলৈ দিয়া মতে এনে ঘটনাৰ সম্পৰ্কত প্ৰথম অৱস্থাত স্বাস্থ্য বিষয়া গৰাকী অজ্ঞ । পৰৱৰ্তী সময়ত সাংবাদিকে প্ৰশ্ন কৰাতহে ঘটনাৰ বিষয়ে জানিব পাৰি এনে ঘটনা সংঘটিত হোৱাৰ আঁৰৰ কাৰণ জানিবৰ বাবে স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
লগতে পঢ়ক ঃক’লাতংকৰ মাজতে হাউলীত উপস্থিত মুখ্যমন্ত্ৰী
ইফালে এই সম্পৰ্কত পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক কাকো মনি কলিতাই কয় যে মাত্ৰ কিছুদিন পূৰ্বে এগৰাকী বিজেপি সংসদে মাজুলীবাসীক অবৈধ বাংলাদেশীৰ বাসস্থান সজাই সদনৰ মজিয়াত ভাষণ দিয়া আৰু বহু কেইখন বিদ্যালয়লৈ বাংলা ভাষাৰ পাঠ্য পুথি যোগান ধৰি অসমীয়াৰ আবেগক ভেঙুচালি কৰা ৰাজ্য চৰকাৰ খনে পুনৰ বাৰ মাজুলীত বাংলা ভাষাত স্বাস্থ্য বিভাগৰ প্ৰ পত্ৰ বিতৰণ কাৰ্য কোনো কাৰণতে সমৰ্থন যোগ্য নহয় । চৰকাৰ খনে এনেদৰে বাংলা ভাষাৰ প্ৰচাৰ প্ৰসাৰ কৰিবৰ বাবে অভিসন্ধিমূলক ভাৱে এনে ফৰ্ম বিতৰণ কৰিছে বুলি উল্লেখ কৰি বিষয়টো সন্দৰ্ভত শীঘ্ৰে স্পষ্টীকৰণ দাবী কৰিছে স্বাস্থ্য বিভাগৰ ওচৰত।
উল্লেখ্য যে মাজুলীলৈ প্ৰদান কৰা ফৰ্ম সমূহৰ ভিতৰত একাংশ ফৰ্মত ইংৰাজী,অসমীয়া আৰু বাংলা ভাষাত থকাৰ লগতে আন একাংশত ইংৰাজী আৰু বাংলা ভাষাত আছে । কিন্তু বাংলা ভাষা প্ৰত্যেকতে আছে । ইয়াৰ যোগেদি স্পষ্ট হৈ পৰিছে যে স্বাস্থ্য বিভাগে বাংলা ভাষাক বাধ্যতামূলক ভাৱে ব্যৱহাৰ কৰিছে । যাৰবাবে অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে মাজুলীবাসী।
লগতে চাওকঃআমগুৰিত আবকাৰী বিভাগৰ অভিযানত সুৰাভৰ্তি ট্ৰাক জব্দ