মাজুলী, 12 ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ মাজুলীত ধোৱাচাংত "অটল অমৃত আঁচনি" ৷ মাজুলীৰ জিলা স্বাস্থ্যখণ্ড অটল অমৃত অভিযানৰ সামগ্ৰিক ছবিয়ে উদঙাইছে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ৷ বৰ্তমানলৈকে জিলা খনৰ ১ লাখ ৪১ হাজাৰ ৩৩৭ গৰাকী হিতাধীকাৰীয়ে আবেদন কৰাৰ বিপৰীতে ১ লাখ ১৪ হাজাৰ ৬০৯ জনে ৩১ ডিচেম্বৰৰ ২০১৯ লৈকে আঁচনি দ্বাৰা কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, বৃহৎ সংখ্যক কাৰ্ড লাভ কৰা হিতাধীকাৰীতকৈ আঁচনিৰ দ্বাৰা লাভাম্ভিত হোৱা হিতাধীকাৰীৰ সংখ্যা তেনেই নগণ্য ৷ ১ লাখৰ অধিক লোকে আঁচনিৰ দ্বাৰা কাৰ্ড লাভ কৰিছিল যদিও বৰ্তমানলৈকে ৪৪ গৰাকী ৰোগীয়ে অসমৰ বিভিন্ন চিকিৎসালয়ত আঁচনিখনৰ জৰিয়তে সুবিধা লাভ কৰিবলৈ সক্ষম হয় ।
মাজুলী জিলা স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, অটল অমৃত অভিযানৰ বিপিএল হিতাধীকাৰী হৈছে ৭৬ হাজাৰ ৪৬ জন । এই সকলে ভিতৰৰ পৰা মাত্ৰ ৪৪ জনে অটল অমৃত কাৰ্ডৰ সুবিধা লাভ কৰিছে । চিকিৎসক গৰাকীয়ে জনোৱা মতে মাজুলীত বৰ্তমানে মাজুলীত অটল অমৃত কাৰ্ডৰ দ্বাৰা হোৱা কোনো চিকিৎসাৰ কৰিব পৰা নাযায় । কিয়নো আঁচনিৰ আওতাত ধৰা বৃক্ক, হৃদৰোগ, জুইয়ে পুৰা, কৰ্কত ৰোগ, স্নায়ুৰোগ, এটাৰো চিকিৎসা কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই মাজুলী স্বাস্থ্য খণ্ডত । মাজুলীত নাই কোনো উন্নত চিকিৎসালয় । ফলস্বৰূপে মাজুলীবাসীয়ে আঁচনিখনৰ জড়িয়তে কাৰ্ড লাভ কৰিছে যদিও অটল অমৃত অভিযানৰ সুবিধা লাভ কৰিব পৰা নাই৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৃহ সমষ্টিৰ মাজুলী একমাত্ৰ গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়খনত অটল অমৃতৰ কাৰ্ডৰ সুবিধা লাভ কৰিব পৰাকৈ বৰ্তমাননো নাই কোনো ধৰণৰ ব্যৱস্থা৷ চিকিৎসায় জিলা পৰ্যায়ৰ চিকিৎসালয়লৈ উন্নতিকৰণ কৰা হয় যদিও বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ সা-সুবিধা লাভ কৰা নাই চিকিৎসালয়খনে৷ যাৰ বাবে যোৰা তাপলি মাৰি চলিছে স্বাস্থ্য সেৱা ।
লগতে চাওকঃ "ইতিহাস নজনা জধামূৰ্খ বিধায়ক"-আটাছু