নিউজ ডেস্ক, 12 মাৰ্চঃ সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছ অৰ্থাৎ কোবিদ-19 ত্ৰাস সৃষ্টি কৰা সময়তে, মাজুলীবাসী আতংকিত কৰ'ণা ভাইৰাছকলৈ লৈ ৷ বিদেশী পৰ্যটক দেখিলেই শংকিত হৈ পৰে মাজুলীবাসী ৷ কিয়নো কৰ'ণাৰ আতংক নিৰ্বাপিত হোৱা নাই সত্ৰপীঠ মাজুলীত ৷ যাৰ বাবে মাজুলীৰ লগত 5 বছৰীয়া মধুৰ সম্পৰ্ক থকা গ্ৰীছৰ এলিনা নামৰ পৰ্যটক গৰাকী হাৰাশাস্তিৰ সন্মুখীন হয় ৷ নিমাতিৰ পৰা অফলামুখ ঘাটেৰে পাৰ হৈ আহি মাজুলীৰ অফলা মুখ ফেৰীঘাটত উপস্থিত হোৱা পাচতে পৰ্যটক গৰকীক গাড়ীত উঠাবলৈ অমান্তি হয় চালকসকলে ৷
উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে মাজুলীত সময় অতিবাহিত কৰা আমেৰিকাৰ পৰ্যটকৰ দলৰ এজন পৰ্যটকৰ দেহত লাভ কৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ মাজুলী ভ্ৰমণ কৰি ভূটানত উপস্থিত হোৱা সময়তে ধৰা পৰিছিল পৰ্যটক গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি ৷ সেই খবৰ সৰ্বতে বিয়পাৰ পাচতেই অতংকই বিৰাজ কৰিছিল সত্ৰ পীঠ মাজুলীত ৷ যাৰ বাবে বিদেশী পৰ্যটক দেখিলেই অতিথি পৰায়নতাৰ বাবে নাম থকা মাজুলীবাসী আতংকিত হৈ পৰে ৷
আনহাতে, কৰ'ণাৰ আতংকৰ বাবেই চাইকেল লৈ অসমলৈ ভ্ৰমণৰ উদ্দেশ্য অহা পৰ্যটকে হোটেলত স্থান নাপালে শিলচৰত ৷ বুধবাৰে চাইকেল লৈ স্পেইনৰ পৰ্যটক আইজলৰ পৰা শিলচৰত উপস্থিত হোৱা পাচতে হোটেল বিচাৰি হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় ৷ কৰ'ণাৰ আতংকৰ বাবেই হোটেল কৰ্তৃপক্ষই স্পেইনৰ পৰ্যটক গৰাকীক হোটেলত স্থান দিবলৈ অমান্তি হয় ৷ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ সহায় ল'বলগীয়া হয় পৰ্যটকজনে ৷ আৰক্ষীয়ে পৰ্যটকজনক প্ৰথমে পৰীক্ষা কৰাই শিলচৰ আৱৰ্ত ভৱনত থাকিবলৈ ব্যৱস্থা কৰি দিয়ে ৷
আৰু পঢ়কঃ 2010ৰ পুনৰাবৃত্তি ! তৃতীয়খন আসনতো দিব পাৰে বিজেপিয়ে প্ৰাৰ্থী