ETV Bharat / state

Stranded in Manipur : মণিপুৰত আৱদ্ধ লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি মাজুলী প্ৰশাসনৰ - Assam people stranded in Manipur

মণিপুৰত আৱদ্ধ হৈ আছে অসমৰ বহু লোক (Assam people stranded in Manipur)। আৱদ্ধ নাগৰিকৰ বাবে মাজুলী প্ৰশাসনে মুকলি কৰিছে হেল্পলাইন নম্বৰ । ভুক্তভোগী পৰিয়ালক এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান প্ৰশাসনৰ ।

Stranded in Manipur
মণিপুৰত আৱদ্ধ লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি মাজুলী প্ৰশাসনৰ
author img

By

Published : May 10, 2023, 1:19 PM IST

মাজুলী,১০ মে' : পূৰ্বত কৈ উন্নত হৈছে মণিপুৰৰ পৰিস্থিতি (Manipur crisis)। অৱশ্যে সম্পূৰ্ণ শান্ত হোৱা নাই পৰিৱেশ । যাৰ বাবে আৰক্ষী, প্ৰশাসনে অধিক তৎপৰতাৰে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে । তাৰ মাজতে অসমৰ মাজুলী জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ।

মণিপুৰত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক ঘূৰাই অনাৰ বাবে বিশেষ উদ্যোগ লৈছে মাজুলী প্ৰশাসনে । মাজুলীৰ যিসকল ব্যক্তি এতিয়াও মণিপুৰত আৱদ্ধ হৈ আছে তেওঁলোকৰ সহায়ৰ বাবে প্ৰশাসনে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ (Helpline for stranded in Manipur)। নম্বৰ দুটা হৈছে ক্ৰমে ০৩৭৭৫২৭৪৪৯৯ আৰু ৭৬৩৫৯৬১৫২২ ।

উল্লেখ্য যে মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ বাবে ৰাজ্যখনত অসমৰ বহু লোক আৱদ্ধ হৈ আছে । ইতিমধ্যে বহু লোক ঘূৰি আহিছে । কিন্তু জানিব পৰা মতে এতিয়াও মণিপুৰৰ বিভিন্ন প্ৰান্তত অসমৰ নাগৰিক আৱদ্ধ হৈ আছে । অসম চৰকাৰেও বিষয়টো গুৰুত্ব সহকাৰে লৈ বিভিন্ন পদক্ষেপ হাতত লৈছে । তাৰ মাজতে মাজুলী প্ৰশাসনৰ পদক্ষেপক আদৰণি জনাইছে অসমৰ ৰাইজে (Majuli administration released helpline number)। ইফালে অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ চৰকাৰেও মণিপুৰত আৱদ্ধ হৈ থকা নাগৰিকসকলক নিজ নিজ ৰাজ্যলৈ ঘূৰাই নিয়াৰ ব্যৱস্থা কৰিছে ।

ইয়াৰ মাজতে জনসংযোগ মন্ত্ৰীয়ে মণিপুৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে সংবাদমেল সম্বোধন কৰিছে । মণিপুৰৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে বৰ্তমান সময়ত মাত্ৰ ৪০০০ লোকেহে বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ আছে । শিবিৰত থকা লোকসকলক নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু যাৱতীয় মানসিক পৰামৰ্শ দি থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰাৰ লগতে ৰাজ্যখনৰ পৰিস্থিতি উন্নত হোৱাৰ লগে লগে সান্ধ্য আইন শিথিলৰ সময়সীমাও ৪-৫ ঘণ্টা পৰ্যন্ত বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে মণিপুৰৰ হিংসাত্মক ঘটনাত প্ৰায় ৬০ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (Violence hit Manipur) । ২০০ ৰো অধিক লোক আহত হোৱাৰ লগতে প্ৰায় ১৭০০ বাসগৃহত অগ্নি সংযোগ কৰা হৈছে ।

লগতে পঢ়ক:Manipur Violence : মণিপুৰৰ হিংসাৰ আঁৰত আছিল ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.