মাজুলী, 24 জানুৱাৰী : দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ২০১৬ চনৰ পৰা চিকিৎসালয়ৰ বিচনাত ছটফটাই থকা এগৰাকী যুৱতীক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷ মাজুলীৰ মেখেলী গাঁৱৰ যুৱতী কৃষ্ণাপ্ৰিয়া শইকীয়াই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বিগত চাৰি বছৰে চিকিৎসালয়ৰ বিচনাত দিন পাৰ কৰিছে ৷ সম্প্ৰতি গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱতী গৰাকী ৷
অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতী গৰাকীৰ চিকিৎসাৰ নামত সকলো হেৰুৱাই পেলাইছে পৰিয়ালটোৱে ৷ টকাৰ অভাৱত আনৰ সহায়লৈ বাট চাই ৰৈছে পৰিয়ালটোৱে ৷ অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ লগতে অসম বাসীৰ ৰাইজক কাতৰ আহ্বান পৰিয়ালটোৰ ৷ অকণমান সহায়ৰ হাত আগবঢ়াই যুৱতী গৰাকীৰ মুখলৈ যেন হাঁহি ঘূৰাই আনে । কোনো হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ৮৮২২৮৮৪৯৪১ নম্বৰত যোগাযোগ কৰাৰ লগতে ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ 1320010102814, IFSC- UTBIOBNAH12 নম্বৰৰ একাউন্টত সহায়ৰ হাত আগবঢ়াব পাৰে।
লগতে পঢ়ক: বিগত 10 মাহে শয্যাশায়ী এজন দুৰ্ভগীয়া ব্যক্তিৰ কাহিনী