মাজুলী,23নৱেম্বৰ : বহিৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু ৷ যুৱকজন মাজুলী যোগী কৈৱৰ্ত গাঁৱৰ তুলসী দাসৰ পুত্ৰ বাবু দাস ৷ যুৱকজনে হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল ৷ কিন্তু শুকুৰবাবে হায়দৰাবাদৰ ৰেল ষ্টেচনত সংঘটিত হয় এক অঘটন ৷ ৰেল দুৰ্ঘটনাত থিতাতে নিহত হয় মাজুলীৰ বাবু দাস নামৰ যুৱকজন ৷
ইফালে, পুত্ৰৰ মৃত্যুৰ বাতৰি পাই কান্দোনত ভাগি পৰিছে বাবুৰ মাতৃ-পিতৃ ৷ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটিৰ সামৰ্থ নাই হায়দৰাবাদৰ পৰা পুত্ৰৰ মৃতদেহ আনিবলৈ ৷ যাৰ বাবে কৰুণ মৃত্যুক সাৱতি লোৱা বাবুৰ মৃতদেহ এতিয়া পৰি ৰৈছে হায়দৰাবাদতে ৷ দুৰ্ভগীয়া পৰিয়ালটিৰ চৰকাৰ তথা মাজুলীৰ বিধায়কলৈ অনুৰোধ শেষবাৰৰ বাবে পুত্ৰৰ মুখখন চোৱাৰ হেপাহ যাতে পূৰণ কৰে চৰকাৰে ৷