ETV Bharat / state

ভাল খবৰঃ ৰাষ্ট্ৰীয় ঘাইপথৰে সংযুক্ত হ‘ব নদী দ্বীপ মাজুলী

author img

By

Published : Nov 20, 2020, 7:02 PM IST

অসম চৰকাৰৰ প্ৰস্তাৱত সঁহাৰি জনাই কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে যোৰহাটৰ ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাজুলী সংযোগী প্ৰস্তাৱিত ৰাজ্যিক ঘাইপথছোৱাক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিছে।

good-news-for-majuli
ভাল খবৰঃ ৰাষ্ট্ৰীয় ঘাইপথৰে সংযুক্ত হ‘ব নদী দ্বীপ মাজুলী

মাজুলী, 20 নৱেম্বৰ : নদী দ্বীপ মাজুলীলৈ আহিছে সুখবৰ । এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰে সংযুক্ত হ‘ব নদী দ্বীপ মাজুলী। অসম চৰকাৰৰ প্ৰস্তাৱত সঁহাৰি জনাই কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে যোৰহাটৰ ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাজুলী সংযোগী প্ৰস্তাৱিত ৰাজ্যিক ঘাইপথছোৱাক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিছে। যোৰহাটৰ সমীপত বৰ্তমানৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থানৰ পৰা মাজুলীৰ কমলাবাৰী সংযোগী এই প্ৰস্তাৱিত নতুন ঘাইপথক ৭১৫ (কে) নামকৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰালয়ে যোৱা ১৭ নৱেম্বৰত ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে।

এই খবৰ লাভ কৰাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী ৷ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে মাজুলীৰ দল-সংগঠনৰ লগতে সত্ৰাধিকাৰ সকলে ৷ তদুপৰি মাজুলী জিলা বিজেপিয়ে সংবাদমেল পাতি চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাইছে ।

লগতে পঢ়ক: গুপকাৰ এলায়েঞ্চঃ জন্মু-কাশ্মীৰৰ আঞ্চলিকতাবাদী দলসমূহৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাইছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.