তেজপুৰ,১২মে': বৈষ্ণৱ সংস্কৃতিৰ পীঠ আৰু বিশ্বৰ বৃহত্তম বাসোপযোগী নদী দ্বীপ মাজুলীৰ সুৰক্ষাৰ বাবে ভাৰতীয় ভূ-তাত্বিক জৰীপ বিভাগে প্ৰকল্প হাতত লৈছে । এই প্ৰকল্পৰ জৰিয়তে বিভাগটোৱে নদী দ্বীপটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰয়োজনীয় ভূ-তাত্বিক অৱদান আগবঢ়াব পাৰিব বুলি আশা কৰিছে ।

উল্লেখযোগ্য যে, বানপানী আৰু গৰাখহনীয়া সমস্যাৰে জৰ্জৰিত মাজুলীয়ে এতিয়ালৈকে প্ৰায় ৫০০ বৰ্গ কি:মি: ভূমি হেৰুৱাই পেলাইছে । বিভাগটোৰ গুৱাহাটী ৰাজ্যিক কাৰ্যালয় আৰু শ্বিলং আঞ্চলিক কাৰ্যালয়ৰ তত্বাৱধানত দুজনকৈ ভূ-বিজ্ঞানী আৰু এজন ভূ-তত্ববিদে অংশগ্ৰহণ কৰা এই প্ৰকল্পটোত ভূ-তাত্বিক মানচিত্ৰণ, এডিচিপি ( একাউষ্টিক ড'পলাৰ কাৰেন্ট প্ৰফাইলাৰ), ইক'চাউণ্ডাৰ, জিপিআৰ ( গ্ৰাউণ্ড পেনিট্ৰেশ্যন ৰাডাৰ), এচ পি টি (ষ্টেন্দাৰ্দ পেনিট্ৰেশ্যন টেষ্ট) আদি অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব ।

বহন ক্ষমতাৰ অধ্যয়নৰ বাবে কেইটামান বিশেষ স্থানত ৫০০ মিটাৰ ড্ৰিলিং কৰাৰ লক্ষ্যও বিভাগটোৱে হাতত লৈছে । এডিচিপি জৰীপৰ বাবে কেন্দ্ৰীয় জল আয়োগৰ মধ্য ব্ৰহ্মপুত্ৰ ডিভিজনে এই প্ৰকল্পত সহায় কৰিছে । নদীৰ সোঁত পৰিবৰ্তনৰ অধ্যয়নৰ বাবে উপগ্ৰহ চিত্ৰৰ সহায় লোৱা হৈছে ।
নদীতলৰ মানচিত্ৰণৰ লগতে ব্ৰহ্মপুত্ৰৰ পানীয়ে কঢ়িওৱা বালি মাটিৰ পৰিমাণ আৰু সোঁতৰ গতি পৰিবৰ্তন আদি গণনাৰ পিচত, আৰ্হি প্ৰস্তুতৰ দ্বাৰা ভবিষ্যতে হ'ব পৰা গৰাখহনীয়াৰ স্থান নিৰ্ণয় আৰু ল'বলগীয়া কাৰ্যব্যৱস্থাৰ ফলপ্ৰসূ নিৰ্দেশনা দিব পৰা হ'ব বুলি আশা কৰা হৈছে ।
জেষ্ঠ ভূতত্ববিদ মৌচম পি কাশ্যপে ব্ৰহ্মপুত্ৰৰ মাজত পলসৰ পৰিমাণ বিচাৰি অভিযান চলাই ইতিমধ্যে বিগত মাৰ্চ মাহৰ পৰা কাম হাতত দিছে ৷ তথ্য অনুসৰি বিভাগটোৱে কাম হাতত লোৱা কাম দুটা বছৰৰ পিছত সম্পূৰ্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : 'ডাষ্টবিনত জাৱৰ-জোঁথৰ ভৰ্তি হ'লে বেল বাজি উঠিব পৌৰ সভাৰ কাৰ্যালয়ত '