ETV Bharat / state

মাজুলীত বদলা পদ্ম আতাৰ আৱিৰ্ভাৱ মহোৎসৱৰ লাইখুঁটা স্থাপন

author img

By

Published : May 14, 2022, 4:09 PM IST

মাজুলীত অনুষ্ঠিত হ'ব বদলা পদ্ম আতাৰ ৪৭৬ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ(Badala Padma Ata Anniversary) । অহা ৮, ৯ আৰু ১০ জুনত অনুষ্ঠিত হ'ব এই সমাৰোহখনি । শনিবাৰে আনুষ্ঠানিকভাৱে সমাৰোহৰ পৱিত্ৰ লাইখুঁটা স্থাপন কৰে ।

Foundation stone of Badala Padma Ata Anniversary laid
মাজুলীত ৪৭৬ তম বদলা পদ্ম আতাৰ আৱিৰ্ভাৱ মহোৎসৱৰ লাইখুঁটা স্থাপন

মাজুলী,১৪ মে': মাজুলীৰ কমলাকান্ত আতা ক্ষেত্ৰত মাজুলীবাসীৰ সহযোগত অনুষ্ঠিত হ'ব ৪৭৬ তম বদলা পদ্ম আতাৰ আৱিৰ্ভাৱ মহোৎসৱ(Badala Padma Ata Anniversary) । সেই উদ্দেশ্য শনিবাৰে পবিত্ৰ লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয় । বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ৮, ৯ আৰু ১০ জুনত অনুষ্ঠিত হ'ব আতাৰ জন্মোৎসৱৰ লগতে সমন্বয় সাংস্কৃতিক সমাৰোহ-২০২২ ।

আয়তীৰ উৰুলী, খোল তাল, গায়ন বায়ন, ডবা শংখৰ মাংগলিক ধ্বনি, মিচিং জনগোষ্ঠীয় নৃত্য গীতেৰে মাজেৰে লাইখুটা স্থাপন কৰে । তিনিজন সত্ৰৰ বুঢ়াভকত পদ্মশ্ৰী গোপীৰাম বৰগায়ন, সোনাৰাম শৰ্মা, প্ৰভাত বৰা বুঢ়া ভকতৰ উপস্থিতিত স্থাপন কৰা হয় লাইখুঁটা । বিধায়ক ভূৱন গাম আৰু মহাপুৰুষীয়া সত্ৰৰ বৈষ্ণৱ সকল একত্ৰিত হৈ অনুষ্ঠানটিৰ লাইখুটা স্থাপন কৰে ।

অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে ৰখা হৈছে কেতবোৰ বিশেষ কাৰ্যসূচী । এই মহোৎসৱত গুৰু দুজনাৰ অমৰ সৃষ্টি কেইবাখনো অংকীয়া ভাওনা পৰিবেশন কৰা হ'ব । ইফালে নৱ নিৰ্মিত উত্তৰ কমলাবাৰী সত্ৰৰ কীৰ্ত্তন ঘৰৰ দ্বাৰো উদ্ঘাটন কৰা হ'ব ।

সত্ৰীয়া নৃত্য গীত বাদ্যৰ অপূৰ্ব সমাহাৰ ঘটিব এই মহোৎসৱত । ৫ শতাধিক গায়ন বায়ন একেলগে পৰিবেশন হব এই অনুস্থানত । ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ অনুস্থানৰ সমাহাৰ ঘটিব এই সমাৰোহত ।

লগতে পঢ়ক: বৰপেটাত সোণৰ নাওঁসহ আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.