মাজুলী, 26 মাৰ্চ : অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰাক্তন OSD প্ৰকাশ কাশ্যপে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মাজুলীৰ কেইবাখনো গাঁৱত প্ৰচাৰ চলাই কাশ্যপে ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে মাজুলীৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত ৰাইজে পুনৰ বিজেপিক ভোট দিব বুলি মন্তব্য কৰে ৷
কাশ্যপে জানিবলৈ দিয়ে যে, মাজুলীৰ বাবে কৰিবলগীয়া কামৰ বিষয়ে বিজেপিয়ে ইতিমধ্যে কাৰ্যসূচী প্ৰস্তুত কৰিছে ৷ শুকুৰবাৰে বুঢ়াশেনছোৱাত অনুষ্ঠিত প্ৰচাৰ সভাত কংগ্ৰেছৰ বহুকেইগৰাকী লোকে বিজেপিত যোগদান কৰে ৷
লগতে পঢ়ক: ন' ৰোড, ন' ভোট ধ্বনিৰে উত্তাল কাৰ্বি আংলঙৰ নৱাইবিল