ETV Bharat / state

বেচামৰা হালধিবাৰী মথাউৰিলৈ নামিছে ভয়াৱহ সংকট

author img

By

Published : Jul 14, 2019, 2:07 PM IST

মাজুলীত বানে ধাৰণ কৰিছে জটিল ৰূপ ৷ ইখনৰ পাছত সিখন নৈপৰীয়া গাঁও এতিয়া বানৰ কৱলত ৷

হালধিবাৰী মথাউৰিলৈ নামিছে ভয়াৱহ সংকট

মাজুলী, 14 জুলাই : মাজুলীত বানে লৈছে ক্ৰমাৎ জটিল ৰূপ । বানৰ কৱলত ইখনৰ পাছত সিখন নৈপৰীয়া গাঁও । মাজুলীৰ মূল ৰক্ষাকৱচ বেচামৰা হালধিবাৰী মথাউৰিলৈ নামি আহিছে ভয়াৱহ সংকট । যিকোনো সময়তে মথাউৰিটো ভাগি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । মথাউৰিটোৰ দক্ষিণপাট-কুমাৰগাঁও এলেকাত পানীৰ উঁহ প্ৰতিৰোধৰ বাবে শনিবাৰে উজাগৰী নিশা কটাই মাটিত বস্তা ভৰাই মথাউৰি ৰক্ষাৰ চেষ্টা স্থানীয় ৰাইজৰ ।

হালধিবাৰী মথাউৰিলৈ নামিছে ভয়াৱহ সংকট

সমান্তৰালভাৱে মাজুলী কঢ়াল গাঁৱৰ সন্মুখ ভাগৰ মথাউৰিটো ভয়াৱহ অৱস্থাত আছে । উঁহ দি থকাৰ বাবে ৰাইজে দিনে ৰাতিয়ে যি কোনো মূল্যৰ বিনিময়ত মথাউৰি ৰক্ষা কৰাত উঠিপৰি লাগিছে । খৰালী মথাউৰিটো মেৰামতিৰ ক্ষেত্ৰত জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ৰাইজে অতি কষ্টেৰে মথাউৰি ৰখাৰ সংগ্ৰাম কৰিবলগীয়া হৈছে । ইপিনে মাজুলীৰ এই ৰক্ষাকৱচটো ছিগিলে মাজুলীৰ অন্তঃভাগত মহাপ্ৰলয় হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

Intro:মাজুলীত বানে লৈছে জটিল ৰূপ। 
বেচামৰা হালধীবাৰী মাজুলী ৰক্ষাকৱচলৈ ভয়াবহ ভাবুকি।                                      
 ----------------------------------------
V.O-- মাজুলীত বানে লৈছে ক্ৰমাৎ জটিল ৰূপ। ইখনৰ পাছত সিখন নৈ পৰীয়া গাৱ বানৰ কৱলত পৰিছে । সমান্তৰালভাৱে মাজুলীৰ মুল ৰক্ষাকৱচ বেচামৰা হালধিবাৰী মথাউৰীলৈ নামি আহিছে ভয়াবহ সংকট। যিকোনো সময়তে নদীত ভাগি যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। মথাউৰি টোৰ দক্ষিণপাট-কুমাৰগাঁও এলেকাত পানীৰ উঁহ প্ৰতিৰোধৰ বাবে লোৱা কাৰ্যব্যৱস্থা শণিবাৰে (১৩ জুলাই ২০১৯) দিনে  নিশাই স্থানীয় ৰাইজে বিনিদ্ৰ ৰজনী কটাই মাটিত  বস্তা ভৰাই মথাউৰি ৰক্ষাৰ চেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালভাৱে মাজুলী কঢ়াল গাৱৰ সম্নূখ ভাগৰ মথাউৰি টো ভয়াবহ অৱস্থাত আছে । উঁহ দি থকাৰ বাবে ৰাইজে দিনে ৰাতিয়ে যি কোনো মূল্য ৰ বিনিময়ত মথাউৰি ৰক্ষাকৰাত উঠিপৰি লাগিছে । খৰালী মথাউৰিটো সৱলীকৰনৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰা জলসম্পদ বিভাগে বৰ্তমান কোনো ব্যৱস্থা লোৱা নাই মথাউৰি ৰক্ষাৰ ক্ষেত্ৰত। ৰাইজেহে অতি কষ্টেৰে মথাউৰি ৰখাৰ সংগ্ৰাম কৰিছে। মাজুলীৰ ৰক্ষাকৱচটো ভাগি গলে মাজুলীৰ অন্তভাগত মহাপ্ৰলয়ৰ সুচনা হৱ ।

Bite 1

Bite 2
          
   Body:অতি স্পৰ্শ কাতৰ মথাউৰিত ১০ চকাৰ ট্ৰাকঃ
   ..............................................................
আনহাতে উজনি মাজুলীৰ বিৰ্তকিত ব্যৱসায় খগেন শইকীয়াই দুৰ্বল মথাউৰীটোৰ ওপৰেৰে নিজৰ মূনাফাৰ বাবে পাৰ কৰিছে ১০ চকীয়া ৫ শ বেগ চিমেন্ট ভৰ্তী পাঞ্জাৱ বডী ট্ৰাক। যাৰ ফলত মথাউৰীটোৰ কেইবাঠাইটো ফাটমেলে। ৰতনপুৰত স্থানীয় ৰাইজে ট্ৰাকখন জব্দ কৰিছে। 
Bite 3Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.