ETV Bharat / state

২৫ ছেপ্তেম্বৰত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী উঠিব কাঠগড়াত ! - হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

গীৰ্জা ভঙাৰ অপৰাধত অভিযুক্ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক 25 ছেপ্টেম্বৰত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশনা মাজুলী সত্ৰ ন্যায়াধীশ দণ্ডাধীশৰ আদালতৰ ৷ প্ৰশান্ত পায়েঙৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ৷

২৫ ছেপ্তেম্বৰত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী উঠিব আদালতৰ কাঠ গড়াত
author img

By

Published : Sep 24, 2019, 7:35 PM IST

মাজুলী, 24 ছেপ্টেম্বৰঃ মাজুলীত খ্ৰীষ্টান আগ্ৰাসনক লৈ অব্যাহত আছে উত্তেজনা ৷ 25 ছেপ্টেম্বৰত সত্ৰাধিকাৰ উঠিব আদালতৰ কাঠগড়াত ৷ প্ৰশান্ত পায়েং নামৰ এগৰাকী মিচিং জনজাতিৰ লোকে মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে গীৰ্জা ভঙাৰ অপৰাধত গোচৰ ৰুজু কৰিছিল ৷ তাৰ পাচতেই মাজুলী সত্ৰ ন্যায়াধীশ দণ্ডাধীশৰ আদালতে সত্ৰাধিকাৰ গৰাকীক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে আদালতত হাজিৰ হোৱা নাছিল ৷ কিন্তু মাজুলী সত্ৰ ন্যায়াধীশ দণ্ডাধীশৰ আদালতে অহা 25 ছেপ্টেম্বৰত সত্ৰাধিকাৰ গৰাকীক আদালতত হাজিৰ হ'বলৈ পুনৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷

ধৰ্মক লৈ অশান্ত মাজুলী !

ইফালে মাজুলীৰ গড়মূৰত হিন্দু যুৱ ছাত্ৰ পৰিষদে খ্ৰীষ্টান আগ্ৰাসন আৰু সত্ৰাধিকাৰৰ বিৰুদ্ধে তৰা গোচৰক লৈ মঙলবাৰে সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলত সংগঠনটোৰ সভাপতি আৰু সম্পাদকে প্ৰশান্ত পায়েং নামৰ খ্ৰীষ্টান লোক গৰাকীয়ে তৰা গোচৰত উদ্বেগ প্ৰকাশ কৰি মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰী গৰাকীক তীব্ৰ কটাক্ষ কৰে আৰু কয় যে, প্ৰশান্ত পায়েঙৰ বিৰুদ্ধে অসমৰ বিভিন্ন জিলাত সংগঠনটোৱে গোচৰ তৰিছে যদিও গৃহ বিভাগে এই পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক ৷

এনে পৰিস্থিতিত 25 ছেপ্টেম্বৰ তাৰিখে গীৰ্জা ভঙাৰ অপৰাধত অভিযুক্ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে আদালতত হাজিৰ হ'ব নে নহয় সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

Intro:GFX মাজুলীত খ্ৰীষ্টান আগ্ৰাসনঃ
GFX ২৫ চেপ্তেম্বৰত সত্ৰাধিকাৰ উঠিব আদালতৰ কাঠ গড়াতঃ
GFX মাজুলীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেলঃ
GFX মুখ্যমন্ত্ৰীৰ গৃহ বিভাগক কটাক্ষঃ

VO.... মাজুলীত খ্ৰীষ্টান আগ্ৰাসনক লৈ অব্যাহত আছে উত্তেজনা। অহা বুধ বাৰ ২৫ চেপ্তেম্বৰত মাজুলী দক্ষিণপাত গৃহাশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী হাজিৰ হব লাগিব মাজুলী সত্ৰ ন্যায়াধীশ দণ্ডাধীশৰ আদালতত। গীৰ্জা ভঙা গোচৰত অভিযুক্ত সত্ৰাধিকাৰ গৰাকী। প্ৰশান্ত পায়েং নামৰ এগৰাকী খ্ৰীষ্টান লোকৰ গোচৰত অভিযুক্ত সত্ৰাধিকাৰ গৰাকী।
আজি মাজুলী গড়মুৰত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে খ্ৰীষ্টান আগ্ৰাসন আৰু এগৰাকী সন্মানীয় সত্ৰাধিকাৰৰ বিৰুদ্ধে তৰা গোচৰক লৈ এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত সংগঠনটোৰ সভাপতি, সম্পাদকে প্ৰশান্ত পায়েং নামৰ খ্ৰীষ্টান লোক গৰাকীয়ে তৰা গোচৰত উদ্বেগ প্ৰকাশ কৰি মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰী গৰাকীক তীব্ৰ কটাক্ষ কৰে।
বাইট--- সংবাদ মেল।
আনহাতে প্ৰশান্ত পায়েং ৰ উপৰত অসমৰ বিভিন্ন জিলাত সংগঠনটোৱে গোচৰ তৰিছে যদিও মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে এই পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ নকৰাত উদ্বেগ প্ৰকাশ কৰে।
বাইট--- 1,2
সংগঠনটোৱে দুই চাৰিজন মিছিং খ্ৰীষ্টান লোকৰ বক্তব্যই মাজুলীৰ সকলো মিছিং ৰাইজৰ বক্তব্য নহয় বুলি দাবী কৰে।
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.