ETV Bharat / state

বৰ্হিজগতৰ পৰা পুনৰ বিছিন্ন মাজুলী

মাজুলীত দেওবাৰৰ পৰা পুনৰ বন্ধ হৈছে ফেৰীসেৱা ৷ মাজুলীবাসীৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ জিলা প্ৰশাসনৰ ।

author img

By

Published : May 10, 2020, 1:42 PM IST

farry service close at majuli assam etv bharat news
ফেৰীসেৱা বন্ধ

মাজুলী,10 মে’ঃ পুনৰ এবাৰ বৰ্হিবিশ্বৰ সৈতে যোগাযোগবিহীন হৈ পৰিছে নদীদ্বীপ মাজুলী ৷ দেওবাৰৰ পৰা জিলাখনত পুনৰ বন্ধ হৈ পৰিছে মাজুলী-নিমাতী ফেৰীসেৱা । অসম চৰকাৰে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৃতীয় পৰ্যায়ৰ লক্​ ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতাৰ নিৰ্দেশ দিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত 50 শতাংশ যাত্ৰীৰ পদ্ধতি প্ৰয়োগেৰে জিলা প্ৰশাসনে আৰম্ভ কৰিছিল মাজুলী-নিমাতীৰ ফেৰীসেৱা ৷ কিন্তু শনিবাৰে যোৰহাটত Covid 19 ত আক্রান্ত ৰোগীৰ খবৰ লাভৰ পিছত মাজুলী জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে অনিৰ্দ্দিষ্ট কাললৈ বন্ধ কৰে এই সেৱা ৷ প্ৰশাসনৰ সিদ্ধান্তক আদৰণি জনাইছে মাজুলীৰ জনসাধাৰণে ।

লগতে চাওকঃ ৰেচনকাৰ্ডৰ উপভোক্তাই কেনেকৈ পালে আৰ্থিক সাহায্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.