ETV Bharat / state

ETV bharat ৰ বাতৰিৰ প্ৰভাৱ: বিতৰ্কিত ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ মাজুলী প্ৰশাসন

মাজুলীৰ ঠিকাদাৰ মুন্নাফ আহমেদৰ লুণ্ঠনৰ বাতৰি প্ৰথমে ইটিভি ভাৰত (ETV Bharat)যোগে সম্প্ৰচাৰ হোৱাৰ পাচতে ঠিকাদাৰজনৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত এজাহাৰ (FIR) দাখিল মাজুলী জিলা প্ৰশাসন (Majuli District Administration)ৰ ৷ জিলা উপায়ুক্ত বিক্ৰম কৈৰী (DC Bikram Kairi)ৰ নিৰ্দেশত তদন্ত অব্যাহত ৰাখিছে দণ্ডাধীশে ৷

author img

By

Published : Jul 13, 2021, 12:00 PM IST

majuli-district-administration-fir-against-contractor
ঠিকাদাৰৰ বিৰুদ্ধে মাজুলী জিলা প্ৰশাসনৰ এজাহাৰ

মাজুলী, 13 জুলাই : মাজুলীৰ বিতৰ্কিত ঠিকাদাৰ মুন্নাফ আহমেদৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত এজাহাৰ (FIR) দাখিল কৰে মাজুলী জিলা প্ৰশাসন (Majuli District Administration)য়ে ৷ ঠিকাদাৰ মুন্নাফ আহমেদে সংঘটিত কৰা অনিময়ৰ বাতৰি প্ৰথমে ইটিভি ভাৰত (ETV Bharat)যোগে সম্প্ৰচাৰ হোৱাৰ পাচতে সৰৱ হৈ উঠিছে জিলা প্ৰশাসন ৷ জিলা উপায়ুক্ত বিক্ৰম কৈৰী (DC Bikram Kairi)ৰ নিৰ্দেশমৰ্মে এগৰাকী দণ্ডাধীশে তদন্ত অব্যাহত ৰাখিছে মুন্নাফৰ বিৰুদ্ধে ৷

জিলাখনত মিনি সচিবালয় নিৰ্মাণৰ বাবদ খৰচ হোৱা 31 কোটি 65 লাখটকীয়া কাম জোৰা-টাপলি মাৰি কৰাৰ লগতে 40 শতাংশ কাম কৰিয়েই কাম বন্ধ কৰি দুবছৰ পেলাই থৈছিল অভিযুক্ত ঠিকাদাৰজনে । দুবাৰকৈ কাম সম্পূৰ্ণৰ সময়সীমা উকলি যোৱাৰ পাচতো কাম বন্ধ কৰি ৰাখিছিল ঠিকাদাৰজনে । সচিবালয়টোৰ দেৱাল আৰু চাদত বৃহৎ ফাট মেলাৰ লগতে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণৰ কাম আগবঢ়োৱা হৈছিল ৷

ইয়াৰোপৰি মাজুলীৰ ৰঙাচাহীত তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী প্ৰশিক্ষণ কেন্দ্ৰটোৰ 12 কোটি 80 লাখ টকাৰ কাম আৰম্ভ নকৰি পেলাই থয় এইজন বিতৰ্কিত ঠিকাদাৰে । লোক নিৰ্মাণ বিভাগ (PWD) আৰু ৰাজনৈতিক নেতাৰ আশিষ ধন্য হৈ ঠিকাদাৰ মুন্নাফ আহমেদে মাজুলীত লুণ্ঠন চলোৱা বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীৰ পৰা মুখ্য অভিযন্তাসহ এটা দল মাজুলীত উপস্থিত হৈ বিতৰ্কিত ঠিকাদাৰজনৰ সমগ্ৰ কাম-কাজৰ অনুসন্ধান আৰম্ভ কৰিছে ।

আনহাতে, বহুকেইজন নিৰ্মাণৰ সামগ্ৰী যোগান ধৰা থলুৱা যুৱকৰ টকা দুবছৰে প্ৰদান কৰা নাই ঠিকাদাৰ মুন্নাফে । যাৰ ফলস্বৰূপে ক্ষোভিত হৈ পৰিছে ভুক্তভোগী যুৱক কেইজনে ৷ মুন্নাফ আহমেদৰ ঘনিষ্ঠ নৃপেন দাস নামৰ লোকজনে অভিযন্তাৰ এটি দলে তদন্ত চলাবলৈ যাওতে ভিডিঅ’ কৰাৰ বাবে কেইবাগৰাকীও ফটো সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে । গতিকে প্ৰশ্ন হয়, এনে বিতৰ্কিত আৰু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে উচিত তদন্ত হ’বনে?

লগতে পঢ়ক : ২৩ কোটিৰ কৰ ফাঁকি : এছ কে চেইলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.