মাজুলী,৩১ মাৰ্চ: ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ ফলত প্ৰায় নিঃশেষ হ’বলৈ ধৰিছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ ভকতচাপৰি অঞ্চল(Erosion at Bhakat Sapori ) । মাজুলীৰ ভকতচাপৰি অঞ্চলৰ বাসিন্দাসকলে নিজৰ ভেটি-মাটি হেৰুওৱাৰ আশংকাত কটাবলগীয়া হৈছে প্ৰতিটো ক্ষণ ।
এই পৰ্যন্ত মাজুলীৰ এই অঞ্চলটোত বাস কৰা পৰিয়ালৰ প্ৰায় আধা সংখ্যকে খহনীয়াৰ কবলত পৰাৰ বাবে নিজৰ আপোন ঘৰ এৰি নিলগত বাহৰ পাতিছে । ব্ৰহ্মপুত্ৰই এফালৰ পৰা গ্ৰাস কৰিছে অঞ্চলটোৰ ঘৰ-মাটি, ভেটি, কৃষি পথাৰ । চ'ত মাহৰ প্ৰথম অৱস্থাতে খহনীয়াই কালৰূপ লোৱাত চিন্তিত নৈ পৰীয়া ৰাইজ । বিশেষকৈ পদুমণি, গৰুখুটি আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিঘাই-বিঘাই ভূমি নদীত জাহ গৈছে । খহনীয়া প্ৰতিৰোধৰ বাবে লোৱা জিঅ' বেগৰ আচনি ব্ৰহ্মপুত্ৰৰ গৰ্ভত লীন হৈছে ।
ইফালে মাজুলীৰ ভৌগলিক সুৰক্ষাৰ দায়িত্ব লোৱা ব্ৰহ্মপুত্ৰ বৰ্ডে নিৰ্বিকাৰ ভূমিকা লোৱাৰো অভিযোগ উত্থাপণ কৰিছে স্থানীয় ৰাইজে । ব্ৰহ্মপুত্ৰ বৰ্ড আৰু TK কোম্পানীয়ে অঞ্চলটোৰ ৰাইজৰ মূৰত ৰামটাঙোন শোধোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰেই চৰকাৰে ব্ৰহ্মপুত্ৰ বৰ্ড আৰু TK কোম্পানীক নাকী লগাই গৰাখহনীয়া প্ৰতিৰোধৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: Rajya Sabha election 2022: বিজেপি মিত্রজোঁটৰ 4 বিধায়কৰ ভোট বাতিলৰ দাবী কংগ্ৰেছৰ