ETV Bharat / state

Voter awareness programme : গীত-নৃত্যৰ মাজেৰে ভোটাৰ সজাগতা কাৰ্যসূচী মাজুলী প্ৰশাসনৰ - মাজুলীত জিলা উপায়ুক্তৰ সংবাদমেল

সমাগত মাজুলীৰ উপ নিৰ্বাচন ৷ জিলাখনত গীত-নৃত্য আৰু খেলৰ মাজেৰে ভোটাৰ সজাগতা কাৰ্যসূচী আৰম্ভ (Voter Awareness Program in Majuli) ৷ সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰিলে জিলা উপায়ুক্তই ৷

মাজুলীত জিলা উপায়ুক্তৰ সংবাদ মেল
মাজুলীত জিলা উপায়ুক্তৰ সংবাদ মেল
author img

By

Published : Dec 28, 2021, 2:13 PM IST

মাজুলী, 28 ডিচেম্বৰ : ৰাজ্যৰ ৰাজনৈতিক মহলত চলি আছে এক বিশেষ চৰ্চা ৷ সেই চৰ্চা হৈছে মাজুলীৰ উপ নিৰ্বাচনক লৈ ৷ কি শাসক, কি বিৰোধী সকলো সাজু হৈছে উপ নিৰ্বাচনলৈ ৷ সকলোৰে দৃষ্টি আৱদ্ধ হৈছে মাজুলী সমষ্টিৰ ওপৰত । নিৰ্বাচনী আয়োগে মাজুলীৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও ক্ৰমাৎ আৰম্ভ হৈছে প্ৰচাৰ অভিযান ৷

এইবেলি ৰাজ্যত উপ নিৰ্বাচন (By election in assam) 6 টা সমষ্টিত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু ইয়াৰে 5 টা সমষ্টিতহে অনুষ্ঠিত কৰা হ'ল উপ নিৰ্বাচন ৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ ত্যাগ কৰা নাছিল বাবে সেই সময়ত সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ’ল ৷

পৰৱৰ্তী সময়ত ৰাজ্যৰ পাঁচটা সমষ্টিতে উপ নিৰ্বাচন অনুষ্ঠিত হোৱাত সমষ্টিবাসীয়ে লাভ কৰে নতুন বিধায়ক ৷ কিন্তু আজিলৈকে মাজুলীৰ বিধায়ক পদটো খালী হৈ থাকিল ৷ বিধি অনুসৰি, কোনো এক সমষ্টিৰ বিধায়কৰ পদ খালী হ’লে ছমাহৰ ভিতৰত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে ৷ সেই অনুসৰি, মাৰ্চৰ পূৰ্বে মাজুলীত অনুষ্ঠিত কৰিব লাগিব উপ নিৰ্বাচন ৷

মাজুলীত জিলা উপায়ুক্তৰ সংবাদ মেল

যাৰ বাবে তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ ৷ সমান্তৰালকৈ সাজু হ’বলৈ ধৰিছে জিলা প্ৰশাসন ৷ সেয়ে মাজুলীৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ পূৰ্বে ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে কেতবোৰ কাৰ্যসূচী ৷ তাৰ ভিতৰত অন্যতম হৈছে ELECTORAL ROLL, যাৰ জৰিয়তে ভোটাৰৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা যায় ৷ এই উদ্দেশ্যে সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত এখনি সংবাদমেল সম্বোধন কৰে উপায়ুক্ত পুলক মহন্তই (Deputy commissioner Press meet in Majuli) ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী অনুসৰি মাজুলীত জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত পুলক মহন্ত (DC Pulak Mahanta in Majuli) ৰ নেতৃত্বত ভোটাৰ সজাগতা কাৰ্যসূচী (Voter Awareness Program in Majuli) গ্ৰহণ কৰা হৈছে ।

এই সন্দৰ্ভত সোমবাৰে উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত সংবাদ মেলত উপায়ুক্ত পুলক মহন্তই (DC Press meet in Majuli) কয় যে- ভোটাৰ সকলক সজাগ কৰি ভোটদানৰ হাৰ ১০০% নিশ্চিত কৰা, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি আৰু কৰ্তন আদি সম্পৰ্কীয় বিভিন্ন বিষয়ক লৈ গীত, নৃত্য আৰু খেলৰ মাজেৰে এটি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

সেইদৰে গীত, নৃত্য আৰু খেলৰ প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব (Voter awareness programme) । গীত, নৃত্য আৰু খেলৰ ক্ষেত্ৰত ক শাখাত ১১-১২ বছৰ বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব । সেইদৰে উক্ত তিনিওটা প্ৰতিযোগিতাৰ ক্ষেত্ৰত খ শাখাত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে । প্ৰতিযোগিতাসমূহ ২৭ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈকে জিলা পৰ্যায়ত, ৪ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈকে জ’নেল পৰ্যায়ত আৰু ১৭ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে ।

এই প্ৰতিযোগিতাসমূহৰ দ্বাৰা সজাগতা বৃদ্ধিৰ লগতে খেলুৱৈসকলে যাতে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ প্ৰতিভা বিকাশ কৰিব পাৰে, তাৰ বাবে মাজুলী জিলা প্ৰশাসনে সকলো স্তৰৰ যুৱচামক অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় ।

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থাকি মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তই নৱবৰ্ষৰ দিনকেইটাত সুৰাপান কৰি বাহন চলোৱা প্ৰমাণিত হ'লে আইনী ব্যৱস্থা গ্ৰহণৰ কথা জানিবলৈ দি সজাগ আৰু সচেতন হৈ পথ সুৰক্ষাৰ ক্ষেত্ৰত একো একোজন দায়িত্বশীল নাগৰিকৰ পৰিচয় দাঙি ধৰিবলৈ সকলোলৈকে আহ্বান জনায় । সংবাদমেলত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, জনসংযোগ বিষয়া বিভাষ পাঠকৰ উপৰিও কেইবাটাও বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : ৰাজ্যৰ প্ৰথমখন ক’ভিড ভেকচিন সম্পূৰ্ণ জিলা হোৱাৰ দিশে মাজুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.