মাজুলী, 23 আগষ্ট: একাংশ সত্ৰাধিকাৰৰ বাবে বাৰে বাৰে বিতৰ্কৰ আৱৰ্তত সোমাইছে নেকি মাজুলীস্থিত সত্ৰ ! গুৰু দুজনৰা সৃষ্টিক কিয় বাৰে বাৰে বিতৰ্কলৈ টানি আনিছে ! পুনৰ বিতৰ্কত সোমাইছে মাজুলীৰ দক্ষিণপাট গৃহ আশ্ৰমি সত্ৰ ৷ শুভ্ৰ বস্ত্ৰৰ বিপৰীতে গেৰুৱা বসন পিন্ধি নাম পৰিৱেশন কৰাক লৈ এইবাৰ বিতৰ্কত সাঙোৰ খাইছে দক্ষিণপাট গৃহ আশ্ৰমি সত্ৰ ৷
নামঘৰত গেৰুৱা বসন পিন্ধি কিছুসংখ্যক ছাত্রই নামঘৰৰ ভিতৰত নাম পৰিৱেশন কৰাক লৈ এই বিতৰ্কৰ সৃষ্টি হয় । গৃহ আশ্ৰমি সত্ৰৰ সত্ৰীয়া জানাৰ্দন দেৱ গোস্বামীয়ে এই বিষয়ত বিতৰ্ক কৰিব লগা নাই বুলি উল্লেখ কৰি কয়, ’’২০১২ চনত প্ৰতিষ্ঠা লাভ কৰা ৰমানন্দ বেদ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ সকলে প্ৰতিষ্ঠা কালৰে পৰা প্ৰতি দিনে পুৱা আৰু সন্ধ্যা এনেদৰে কৰি আহিছে আৰতি । উজনি অসমৰ প্ৰথমখন বেদ বিদ্যালয় অসমৰ লগতে অৰুণাচলৰ ছাত্ৰই অধ্যয়ন কৰি আছে ৷ বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰ সকলক পৰিয়ালৰ লোকে চাব পৰাকৈ সন্ধিয়াৰ আৰতি প্ৰায়ে সামাজিক মাধ্যম যোগে দেখুৱাই আহিছে ৷ যাতে নিজৰ সন্তক সামাজিক মাধ্যমত অভিভাৱকে চাব পাৰে ৷ কাৰণ অভিভাৱক সকলক 1 বছৰৰ মূৰতহে মূৰত সন্তাক সাক্ষাৎ কৰিবলৈ দিয়া হয় ৷’’
‘‘ইয়াত বিতৰ্ক কৰিব লগা একো নাই ৷ মই কোনো গুৰুক অপমান কৰিবলৈ এই কাম কৰা নাই ৷ আমি দামোদৰ দেৱৰ পন্থাৰ ৷ সকলো গুৰুকে সমান ভাবো ৷ কোন সৰু বৰ নাই আমাৰ । বেদ বিদ্যালয়ৰ সাজ সজ্জা গেৰুৱা, গতিকে বিদ্যালয়ৰ পোছাকেৰে নামঘৰত ছাত্ৰ সকলে এই নাম পৰিৱেশন কৰি আহিছে ৷’’ এই মন্তব্য় জানাৰ্দন দেৱ গোস্বামীৰ ৷
লগতে পঢ়ক:Holy Bhada month : ভক্তি ৰসত বিলীন সত্ৰনগৰী মাজুলী