ETV Bharat / state

মাজুলীত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ - মাজুলী ক'ৰণা টীকাকৰণ

মাজুলীত আৰম্ভ হ'ল ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান ৷ গড়মূৰ অসামৰিক চিকিৎসালয় আৰু কমলাবাৰী অসামৰিক চিকিৎসালয়ত আৰম্ভ হৈছে প্ৰতিষেধক প্ৰদান অভিযান ৷ জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে প্ৰথমে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতে উক্ত অভিযানৰ আৰম্ভণি হয় ৷ প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী সকলক প্ৰতিষেধক প্ৰদান ৷

covid vaccination drive starts in majuli

author img

By

Published : Jan 16, 2021, 5:27 PM IST

মাজুলী,16 জানুৱাৰী: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ আৰম্ভণি কৰাৰ লগে লগে দেশৰ অন্য প্ৰান্তৰ লগতে অসম তথা মাজুলীতো এই অভিযানৰ শুভাৰম্ভ হয় ৷ এই প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয় আৰু কমলাবাৰী অসামৰিক চিকিৎসালয়ত স্বাস্থ্যকৰ্মী সকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷

covid vaccination drive starts in majuli
গড়মূৰ আৰু কমলাবাৰী অসামৰিক চিকিৎসালয়ত আৰম্ভ হৈছে প্ৰতিষেধক প্ৰদান অভিযান

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ দৰে মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিত এই কাৰ্যসূচীৰ অংশ হিচাপে মাজুলী জিলাৰ স্বাস্থ্যকৰ্মী সকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ জিলা খনৰ স্বাস্থ্য কৰ্মীসকলৰ ভিতৰত প্ৰথম পৰ্যায়ত গড়মূৰ অসামৰিক চিকিৎসালয়ত 100 গৰাকী আৰু কমলাবাৰী অসামৰিক চিকিৎসালয়ত 100 গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে প্ৰথমে চিটা গ্ৰহণ কৰাৰ পাছতে অন্য স্বাস্থ্য কৰ্মীসকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷

লগতে পঢ়ক:তিনিচুকীয়াটো আৰম্ভ হ'ল কোভিড-19 প্ৰশমনৰ টীকাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.