ETV Bharat / state

যোৰহাট-মাজুলী সংযোগী ফেৰীত উঠিবলৈ যাত্ৰীয়ে কৰিব লাগিব Covid Test

author img

By

Published : Aug 23, 2021, 10:52 PM IST

তিনি মাহৰ পাছত পুনৰ মুকলি হ’ল যোৰহাট-মাজুলী সংযোগী ফেৰী সেৱা ৷ এতিয়া শ শ যাত্ৰীয়ে পাৰাপাৰ হ’বলৈ ভীৰ কৰিছে পাৰঘাট সমূহত । পিছে ফেৰীৰে পাৰ হোৱাৰ আগতে যাত্ৰীয়ে ক’ভিড টেষ্ট কৰাতো বাধ্যতামূলক কৰিলে প্ৰশাসনে ৷

covid-test-is-now-mandatory-for-jorhat-majuli-ferry-passengers
যোৰহাট-মাজুলী সংযোগী ফেৰীত উঠিবলৈ যাত্ৰীয়ে কৰিব লাগিব covid test

মাজুলী, 23 আগষ্ট : প্ৰায় তিনি মাহৰ পাছত ১৮ আগষ্টৰ পৰা ৫০ শতাংশ যাত্ৰীৰে পুনৰ মুকলি হ’ল যোৰহাট-মাজুলী সংযোগী ফেৰী সেৱা । ফেৰী সেৱা(Ferry Service) মুকলি হোৱাৰ লগে লগেই এতিয়া দৈনিক শ শ যাত্ৰীয়ে পাৰাপাৰ হ’বলৈ পাৰঘাট সমূহত ভীৰ কৰিছে । স্বাভাৱিকতেই উদ্ভৱ হৈছে ক’ভিড নিয়ন্ত্ৰণৰ(Covid Management ) দিশটো ৷ পিছে ফেৰীৰ এই যাত্ৰী সকল যেতিয়া ফেৰী পাৰ হৈ গন্তব্য স্থানৰ পৰা ঘূৰি আহে প্ৰত্যেক জন লোকৰ ক'ভিড টেষ্ট(Covid Test) বাধ্যতামূলক কৰিছে প্ৰশাসনে ।

প্ৰশাসনৰ এই পদক্ষেপে মাজুলীত ক'ভিডৰ সংক্ৰমণ(covid transmission) হ্ৰাস হোৱাত যথেষ্ট গুৰুত্বপুৰ্ণ ভুমিকা লৈছে । চিকিৎসা বিভাগ(health department)ৰ লোকক এই সকল যাত্ৰীক ক'ভিড টেষ্ট কৰাবলৈ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰাও সহায় কৰা দেখিবলৈ পোৱা গৈছে । প্ৰশাসনৰ ওপৰিও, সকলো যাত্ৰীয়েও একে মুখে ক'ভিডৰ পৰা যিকোনো প্ৰকাৰে সাৰিব লাগে বুলি মত পোষণ কৰা দেখা গৈছে ।

পাৰঘাটত ক'ভিড টেষ্ট কৰা চিকিৎসা কমীসকলেও জনাইছে আগতকৈ ক'ভিড প্রজিটিভ ৰোগীৰ সংখ্যা আগতকৈ কমিবলৈ ধৰিছে। স্বাস্থ্য বিভাগৰ এই সকল লোকেও আহ্বান জনাইছে সাধাৰণ ৰাইজক যাতে সকলো সজাগ আৰু সচেতন হয় । সকলো সজাগ হলে কভিডক প্ৰতিহত কৰাত আৰু সহায় হ’ব ।

লগতে পঢ়ক : সাত গুণ মাফ; কিয়নো ধৰ্ষণৰ অভিযুক্ত আই আই টিৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.