ETV Bharat / state

লক ডাউনত সৰ্বস্বান্ত ফেৰীঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ী...

author img

By

Published : Jul 27, 2021, 7:59 PM IST

মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা, অফলামুখ-নিমাতী ফেৰী সেৱাৰ লগতে এতিয়া দক্ষিণপাট-নিমাতী ফেৰী সেৱাকে ধৰি সকলো ফেৰী সেৱা বন্ধ ৷ যাৰ ফলস্বৰূপে আৰ্থিক উপাৰ্জনৰ পথ বন্ধ হৈ আছে পাৰঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ৷ ফেৰী ঘাট (Ferry Ghat)ত দোকান দি জীৱিকা কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ হৈ পৰিল পানীত হাঁহ নচৰা অৱস্থা ৷

covid-hits-small-traders-in-majuli-island
লক ডাউনত সৰ্বস্বান্ত ফেৰী ঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ী

মাজুলী, 27 জুলাই : ৰাজ্যত আন্তঃজিলা বন্ধ হৈ পৰা লগে লগে বন্ধ হৈ পৰে ফেৰী সেৱা (Ferry Service)সমূহো । মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা, অফলামুখ-নিমাতী ফেৰী ঘাট (Ferry Ghat)ৰ ফেৰী সেৱাৰ লগতে দক্ষিণপাট-নিমাতী ফেৰী সেৱাকে ধৰি সকলো ফেৰী সেৱা বন্ধ হৈ পৰাত পাৰঘাটত দোকান দি পৰিয়াল পোহপাল দিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলৰো হৈ পৰিছে পানীত হাঁহ নচৰা অৱস্থা ৷ কিয়নো ফেৰী সেৱাৰ চলাচল হৈ থাকিলেহে তেওঁলোকৰ দোকানলৈ আগমন ঘটিব যাত্ৰীসকলৰ ৷ দোকান-বজাৰ বন্ধ হৈ পৰাৰ লগে লগে এই পৰিয়ালসমূহৰ একমাত্ৰ উপাৰ্জনৰ পথটোও বন্ধ হৈ পৰে ৷

ইয়াৰ ফলস্বৰূপে আৰ্থিক সমস্যা (Economic Problem)ত ভূগিবলগীয়া হৈছে এইসকল সৰ্বস্বান্ত লোক ৷ উপায়হীন হৈ উপাৰ্জনৰ পথ মোকলোৱাৰ বাবে কিছু সহায় আগবঢ়াবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে পাৰঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৷ ক’ভিড (Covid)য়ে দুৰ্যোগ নমাই আনিছে ফেৰীঘাটত দোকান-বজাৰ দি চলি থকা এই পৰিয়ালসমূহৰ জীৱনলৈ ৷

সম্প্ৰতি ক’ভিডৰ ত্ৰাসত ত্ৰাসিত সমগ্ৰ দেশ ৷

ক’ভিডৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানো ৰাজ্যত আংশিক লক ডাউন (Mini Lockdown) অব্যাহত ৰাখিছে প্ৰশাসনে ৷ কিন্তু বিগত বৰ্ষৰ পৰাই এই লক ডাউনে জুৰুলা কৰিছে বিভিন্ন খণ্ডত কৰ্মৰত লোকসকলক ৷ বিশেষকৈ ব্যৱসায়ীসকলৰ আৰ্থিক উপাৰ্জনত ব্যাপক প্ৰভাৱ পেলাইছে এই লক ডাউনে ৷ ইয়াৰ ব্যতিক্ৰম নহয় মাজুলীৰ ফেৰিঘাটৰ এইসকল ক্ষুদ্ৰ ব্যৱসায়ী ৷

লগতে পঢ়ক : চাহ বাগিচাসমূহত অবৈধ সুৰাৰ প্ৰচলনেই যক্ষ্মা ৰোগৰ অন্যতম কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.