ETV Bharat / state

মাজুলীত প্ৰৱঞ্চকৰ ৰূপত বেংক কৰ্মচাৰী - কোষাধ্যক্ষ

মাজুলীৰ ইউবিআই বেংকত কৰ্মচাৰীৰ ভংয়কৰ জালিয়াতি ৷ বেংক কৰ্মচাৰীয়ে জালিয়াতিৰে পিতৃৰ একাউণ্টৰ পৰা লুটিলে ৩৩ লাখ টকা ৷ ঘটনা সন্দৰ্ভত আটক বেংকটোৰ কোষাধ্যক্ষ পংকজ শইকীয়াক ৷

Corruption by UBI bank worker at majuli
ভক্ষকৰ ৰূপত বেংক কৰ্মচাৰী
author img

By

Published : Apr 11, 2020, 3:45 PM IST

মাজুলী,11 এপ্ৰিলঃ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ ইউনাইটেড বেংক অব ইণ্ডিয়াৰ কমলাবাৰী শাখাত সংঘটিত হৈছে এক বৃহৎ লুণ্ঠনৰ ঘটনা ৷ বেংকটোৰ কোষাধ্যক্ষৰ দায়িত্বত থকা পংকজ শইকীয়া নামৰ এগৰাকী কৰ্মচাৰীয়ে জালিয়াতিৰে অৱসৰপ্ৰাপ্ত পিতৃৰ একাউণ্টৰ পৰা ভুৱা তথ্যৰে সৰকায় ১৫ লাখ টকা ৷ বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা অনুসৰি,বেংকৰ কোষাধ্যক্ষৰ দায়িত্বত থকা শইকীয়াই বিগত বৰ্ষৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহত কেইবাটাও কিস্তিৰে ১৫ লাখ টকা জমা কৰি লুণ্ঠন চলায় ৷

বেংক কৰ্তৃপক্ষৰ গাপ দিয়াৰ চেষ্টা

শেহতীয়াকৈ সমগ্ৰ ঘটনা পোহৰলৈ অহাত বেংকটোৰ পৰিচালকগৰাকীকে ধৰি উচ্চপদস্থ বিষয়াসকলে কৰ্মচাৰীজনক বচাবলৈ সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলায় ৷ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ জৰিয়তে ঘটনাটো পোহৰলৈ আহে ৷ যাৰ ফলত শনিবাৰে কমলাবাৰী বেংক শাখাৰ পৰিচালকগৰাকীয়ে কৰ্মচাৰীজনৰ বিৰুদ্ধে কমলাবাৰী থানাত এজাহাৰ দাখিল কৰে ৷ কিছুদিন পূৰ্বে ঘটনা সম্পৰ্কত শাখা পৰিচালকজনৰ পৰা ঘটনা সম্পৰ্কে জানিব বিছৰাত বিষয়াজনে গা এৰা মন্তব্যৰে বিষয়টোৰ পৰা এৰাই চলিবলৈ চেষ্টা কৰে ৷ ঘটনা সন্দৰ্ভত মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ আনহাতে, কোষাধ্যক্ষজনৰ পিতৃয়ে সমগ্ৰ ঘটনাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰি পুত্ৰৰ এই কাণ্ডৰ বিষয়ে অৱগত নহয় বুলি প্ৰকাশ কৰে ৷ বেংকটোৰ অন্তৰ্গত গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, লুণ্ঠনকাৰী বেংক কৰ্মচাৰীজনে অনুৰূপ ধৰণে মাতৃৰ একাউণ্টত পূৰ্বে ধন জমাৰে প্ৰায় ৩৩ লাখ টকা লুণ্ঠন কৰাৰ চেষ্টা চলাইছিল ৷ কিন্তু এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মাতৃয়ে সকলো অভিযোগ অস্বীকাৰ কৰি বিষয় সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে ৷ সম্প্ৰতি এই দুয়োটা একাউণ্ট বেংক কৰ্তৃপক্ষই বন্ধ ৰখা বুলি শাখাটোৰ পৰিচালকজনে জনায় ৷

ভক্ষকৰ ৰূপত বেংক কৰ্মচাৰী

উল্লেখ্য যে, বিগত তিনিমাহৰ আগতে সংঘটিত এই ঘটনাৰ তদন্তৰ ক্ষেত্ৰত বেংকৰ হেমাহিৰ প্ৰতি লক্ষ্য ৰাখি কাণ্ডটোত কোনো উচ্চস্তৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ পংকজ শইকীয়াৰ বিৰুদ্ধে পূৰ্বতে গ্ৰাহকৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ কিন্তু বেংক কৰ্তৃপক্ষই কৰ্মচাৰীজনৰ বিৰুদ্ধে কোনো শাস্তিমুলক ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ একে ঘটনা সংঘটিত হয় ৷ শনিবাৰে মাজুলীৰ কমলাবাৰী ইউবিআই বেংকটোৰ পৰিচালকে কমলাবাৰী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পংকজ শইকীয়াক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷ লগতে 17/20 409 নম্বৰৰ গোচৰৰ ভিত্তিত বিষয় সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি মাজুলী জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা এনৰে জানিবলৈ দিছে ৷

তদন্ত অব্যাহত

লগতে চাওকঃ কৰ'ণা আতংকঃ ১৪ দিনৰ বাবে বন্ধ আঠগাঁও কবৰস্থান মছজিদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.