ETV Bharat / state

চাৰিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা মাজুলী ৰাস মহোৎসৱ - Majuli Raas

সোমবাৰে গড়মূৰ মিনি ষ্টেডিয়ামত এক ৰাজহুৱা সভাত মাজুলী ৰাসৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মাজুলীৰ 12খন সত্ৰকে ধৰি 86 খন মঞ্চত আজি সন্ধিয়াৰ পৰা আৰম্ভ হয় শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ৷

চাৰিদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভণি ঐতিহ্যমণ্ডিত মাজুলি ৰাস মহোৎসৱৰ
author img

By

Published : Nov 11, 2019, 11:26 PM IST

মাজুলি, 11 নৱেম্বৰঃ আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হ’ল ঐতিহ্যমণ্ডিত মাজুলীৰ ৰাস মহোৎসৱৰ ৷ মাজুলীৰ ৰাসক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে অসম চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগে অনুষ্ঠিত কৰিছে বিস্তৃত কাৰ্যসূচীৰ ৷ গড়মূৰ মিনি ষ্টেডিয়ামত এক ৰাজহুৱা সভাত মাজুলী ৰাসৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মাজুলীৰ 12খন সত্ৰকে ধৰি 86 খন মঞ্চত আজি সন্ধিয়াৰ পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ৷

মাজুলি ৰাস মহোৎসৱৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মাজুলীৰ দক্ষিণপাট সত্ৰৰ 179 বছৰীয়া ৰাস মহোৎসৱৰো বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক আদৰি আনে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল গোস্বামীয়ে ৷ আনহাতে ইয়াৰ সমান্তৰালকৈ এক মাঙ্গলিক কাৰ্যসূচীৰে মাজুলী নতুন চামগুৰি সত্ৰৰ স্থায়ী তোৰণখনৰ উদ্বোধন কৰে উত্তৰ কমলাবাৰি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে ৷ নতুন চামগুৰি সত্ৰৰ ৫ গৰাকী সত্ৰাধিকাৰ আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় উপাচাৰ্য উপস্থিত থকা অনুষ্ঠানটোৰ অন্তত এখনি ধৰ্মমূলক সভাও অনুস্থিত কৰা হয় ৷

নতুন চামগুৰি সত্ৰৰ স্থায়ী তোৰণখনৰ উদ্বোধন সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীৰ

উল্লেখ্য যে, মাজুলীৰ ৰাস মহোৎসৱ উপভোগৰ বাবে ৰাজ্যৰ লগতে দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহি ভিৰ কৰেহি ৷ ৰাস মহোৎসৱৰ বাবে অহা দর্শনাৰ্থীৰ সুবিধাৰ বাবে আজি থকা খোৱাৰ ব্যৱস্থাৰো শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । পোন প্ৰথমবাৰৰ বাবে ৰাজ্যৰ পৰ্যটন বিভাগে মাজুলীৰ জেংৰাই, কমলাবাৰী আৰু গড়মুৰত পৰ্যটক সকলক ৰখাৰ বাবে ১০০ টা টুৰিষ্ট টেন্টৰৰ ব্যৱস্থা কৰিছে ৷ তাৰোপৰি পৰ্যটকসকলৰ সুবিধাৰ্থে জিলা প্ৰশাসনে মেপৰ ব্যৱস্থা কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.