মাজুলী, ২১ ফেব্ৰুৱাৰী : মাজুলীত দেওবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কমলাবাৰী ঘাটলৈ যায় আৰু ৰাইজৰ সুবিধাৰ্থে 7 খনকৈ নাও মুকলি কৰে । কমলাবাৰী ফেৰী ঘাটৰ পৰা ঘূৰি আহি মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰত 100 খন বিচনাযুক্ত জিলা চিকিৎসালয়ৰ নৱ-নিৰ্মিত ভৱনটো উদ্ধোধন কৰে । ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে ফুলনি চাৰিআলিত ‘পাঞ্জাব নেশ্যনেল বেংকৰ’ এটা শাখা মুকলি কৰে ।
লগতে পঢ়ক : ১০০+ ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ৪২ লাখ বিজেপি কৰ্মকৰ্তাইঃ ৰঞ্জিৎ দাস