ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়ন শাল

দেওবাৰে মাজুলীত শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়ন শাল আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ সংগ্ৰহালয় সঞ্চাকালয় দ্বাৰা নিৰ্মাণ কৰিবলৈ লোৱা সংগ্ৰহালয়ৰ আধাৰশিলাও স্থাপন কৰে ।

author img

By

Published : Jul 7, 2019, 7:56 PM IST

মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে অনুকৃতিমূলক বৃন্দাবনি বস্ত্ৰ বয়ন শাল

মাজুলী,7জুলাইঃ "আধ্যাত্মিক চিন্তা-চৰ্চাৰে শিল্পী সত্তাক জগাই তোলাব পাৰি, গুৰু দুজনাই আমাক আধ্যাত্মিকতাৰ শক্তি দি থৈ গৈছে"৷ মাজুলীৰ দক্ষিণপাট সত্ৰত অনুষ্ঠিত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ দেওবাৰে মুখ্যমন্ত্ৰীগৰাকী মাজুলীত উপস্থিত হৈ এক গুৰু গম্ভীৰ অনুষ্ঠানত সম্পূৰ্ণ সত্ৰীয়া সাজত অংশ গ্ৰহণ কৰে । কালৰ বুকুত অসমৰ পৰা হেৰাই যাব ধৰা বৃন্দাবনী বস্ত্ৰ পুনৰ অনুৰূপ ৰূপত বয়ন কৰা কাৰ্যক প্ৰশংসা কৰাৰ লগতে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ সৰ্ববৃহৎ তাত শালখন মুখ্যমন্ত্ৰীয়ে গুৰু গম্ভীৰ পৰিৱেশৰ মাজত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী নৱ দলে আৰু বিধায়ক বিমল বৰা । অসমৰ বুকুৰ পৰা হেৰাই যাব ধৰা বৃন্দাবনী বস্ত্ৰ কাহানিও স্বচক্ষুৰে প্ৰত্যক্ষ কৰা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰাৰ লগতে হেৰাই যোৱা বৃন্দাবনী বস্ত্ৰ পুনৰ অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে । উল্লেখ্য যে, একে শুভক্ষণতেই মাজুলীত ৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ঐতিহাসিক দক্ষিণপাট সত্ৰৰ বুৰঞ্জী প্ৰসিদ্ধ সংগ্ৰহালয়ৰ আধাৰশিলাও স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

Intro:মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 

আজি পৰা মাজুলীত শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত আনুষ্ঠানিক ভাবে মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অনুকৃতিমূলক অনুকৃতিমূলক বৃন্দাবনি বস্ত্ৰ বায়ন শাল।

মুখ্যমন্ত্ৰী গৰাকীয়ে অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ সংগ্ৰহালয় সঞ্চাকালয় দ্বাৰা নিৰ্মাণ কৰিব লোৱা সংগ্ৰহালয় আধাৰশিলা স্থাপন শুভাৰম্ভ ।

এই সংগ্ৰহলয় নিৰ্মাণ ব্যয় হব ৩কোটি ৬০লাখ টকা ।

মুখ্যমন্ত্রী গৰাকীৰ লগত উপস্থিত অসম চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে । আৰু উপস্থিত আছে  টিংখঙ সমষ্টি বিধায়ক বিমল বৰা আৰু বিধায়িকা আঙুৰলতা ডেকা । 

দক্ষিণপাট  সত্ৰত মুখ্যমন্ত্ৰী জলাশয় সংৰক্ষণ আৰু জল সংবৰ্দ্ধন আঁচনি ২০১৯-২০২০ আঁচনিৰ শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংগ দিয়ে অসম চৰকাৰ মীন বিভাগৰ অধ্যক্ষ ৰমকান্ত দেউৰী ।

মাজুলীৰ এই অনুকৃতিমূলক বৃন্দাবানী বস্ত্ৰ উদ্ধোধনী অনুষ্ঠানত  মাজুলীৰ বহুকেইখন সত্ৰ সত্ৰাধিকাৰ অংশগ্ৰহণ কৰিছে ।

ভাৰত বৰ্ষৰ অাটাইতকৈ বৃহৎ তাতশাল খন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে……

গুৰুদুজনাৰ মহান চানেকিৰে ভৰিল মাজুলীৰ দক্ষিনপাট সত্ৰ

গুৰুজনাৰ অমৰ সৃষ্টি  অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰন্ত………

মাজুলীত দক্ষিনপাট সত্ৰত ৩ কোটি টকাৰে সংগ্ৰাহালয়ৰ অাধাৰশিলা স্থাপন……

v.o.অাধ্যাত্মিক চিন্তা চৰ্চাৰে শিল্পী সত্তাক জগাই তুলাব পাৰি, গুৰু দুজনাই অামাক অাধ্যাত্মিকতাৰ  শক্তি দি থৈ গৈছে…""" 

মাজুলীৰ দক্ষিনপাট সত্ৰত অনুষ্ঠিত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰন্ত অনুষ্ঠানত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

দেওবাৰে মুখ্যমন্ত্ৰী গৰাকী মাজুলীত উপস্থিত হয় গুৰু গম্ভীৰ অনুষ্ঠানতোত সম্পূৰ্ন সাজত অংশ গ্ৰহন কৰে। কালৰ বুকুত অসমৰ পৰা হেৰাই যাব ধৰা বৃন্দাবনী বস্ত্ৰ পুনৰ অনুৰূপ ৰূপত বয়ন কৰা কাৰ্যক প্ৰশংসা কৰাৰ লগতে অনুকৃটি মুলক বৃন্দাবনী বস্ত্ৰ বয়নৰ সৰ্ববৃহৎ তাত শাল খন মুখ্যমন্ত্ৰীয়ৰ গুৰু গম্ভীৰ পৰিৱেশৰ মাজত অানুষ্ঠানিক ভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী নৱ দলে অাৰু বিধায়ক বিমল বৰা।

অসমৰ বুকুৰ পৰা হেৰাই যাব ধৰা বৃন্দাবনী বস্ত্ৰ কাহানিও চ চক্ষে পত্যক্ষ নাই কৰা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰাৰ লগতে হেৰাই যোৱা বৃন্দাবনী বস্ত্ৰ পুনৰ অসমলৈ ঘুৰাই অনাৰ ক্ষেত্ৰত চৰকাৰ খনে পদক্ষেপ লোৱা হব বুলি মন্তব্য প্ৰকাশ  কৰে।

বাইট …… চি এম

Body:উল্লেখ যে একেটা শুভ ক্ষনতেই মাজুলীৰ ঐতিহাসিক দক্ষিনপাট সত্ৰৰ যাদুঘৰ অথবা বুৰঞ্জী প্ৰসিদ্ধ সংগ্ৰাহালয়ৰ ৩ কোটি টকাৰে অাধাৰশিলা। মাজুলীৰ ঐতিহাসিক দক্ষিনপাট সত্ৰৰ ঐতিহাসিক সম্পদ ৰাজিয়ে অাজিৰ শুভ দিনটোতে এক সংৰক্ষনৰ ব্যৱস্থা লাভ কৰে। একে দৰে একেটা অনুষ্ঠানতে  মীন বিভাগৰো এখন অাচনি উদ্বোধন কৰে। 

মাজুলীৰ পৰা যদুমণি শইকীয়া ।

Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.