ETV Bharat / state

গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

২০১৮ বৰ্ষত গীজা ভঙাৰ এক গুৰুতৰ অভিযোগ আছিল সত্ৰাধিকাৰ জনৰ বিৰুদ্ধে । খ্ৰীষ্টানৰ কৰাল গ্ৰাষত পৰা সত্ৰৰ ভূমি মাজুলীত মিচনাৰীৰ বিৰুদ্ধে এক প্ৰকাৰৰ জেহাদ ঘোষণা কৰা জনাৰ্দন দেৱ গোস্বামীয়ে জনগোষ্ঠীয় অধ্যুষিত এলেকাক খ্ৰীষ্টান মুক্ত কৰাৰ স্বাৰ্থত অজস্ৰ সভা অনুষ্ঠিত কৰিছিল ৷

গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী
গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী
author img

By

Published : Dec 18, 2020, 5:21 PM IST

মাজুলী, 18 ডিচেম্বৰ : 2018 বৰ্ষত মাজুলীত সংঘটিত হৈছিল গীৰ্জা ভাঙি পেলোৱাৰ এক কাণ্ড ৷ এই কাণ্ডৰ সৈতে মাজুলীৰ এগৰাকী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ নাম সাঙোৰ খাই পৰিছিল ৷ গোস্বামীয়ে মাজুলীৰ খ্ৰীষ্টান অধ্যুষিত এলেকাত বিভিন্ন সভা অনুষ্ঠিত কৰি আহিছিল ৷

গীৰ্জা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

কিন্তু এই কাণ্ডক সহজভাৱে ল'ব পৰা নাছিল মাজুলীৰ একাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ৷ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ তৰিছিল প্ৰশান্ত পায়েং নামৰ যুৱকজনে ৷ তেখেতৰ বিৰুদ্ধে ৩৫/২০১৯/ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৪৪৭,২৯৫,২৯৮,২৯৪,৪২৭,৫০৬/৩৪ চিআৰডব্লিউ আৰু ৩৫৭ চিআৰপিচি ধাৰাত গোচৰ ৰুজু কৰে মাজুলী মহকুমা ন‍্যায়িক দণ্ডাধীশৰ আদালতে ।

গীৰ্জা ভঙাৰ গোচৰত অভিযুক্ত হোৱা সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে থকা গোচৰৰ আজি ৰায়দান আগবঢ়াই মাজুলী মহকুমা সত্ৰ ন্যায়াধীশৰ আদালতে । সত্ৰাধিকাৰ গৰাকীক দোষী সাব্যস্ত কৰি ১০৫০০ টকা জৰিমনা বিহিলে আদালতে ।

ইফালে আজিৰ এই ৰায়দানৰ সময়ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক সংগ দিয়ে আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ চন্দ্ৰ দেৱ গোস্বামী, হিন্দু সুৰক্ষা সেনাকে ধৰি কেইবাটাও দল সংগঠনে ৷ আদালতৰ ৰায়দানত সন্তুষ্ট নহয় দক্ষিণপাট আশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী ৷ যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও জনায় সত্ৰাধিকাৰ গৰাকীয়ে ।

লগতে পঢ়ক : ধোঁৱা চাঙত মাজুলী সুৰক্ষাৰ 237 কোটি টকীয়া আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.