ETV Bharat / state

মাজুলীত গজেন্দ্ৰ সিং শেখাৱট - majuli

অসমৰ বান পৰিস্থিতিৰ নামত কোনো অৰ্থ সাহাৰ্য ঘোষণা কৰা নাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

বৰ্তমানলৈ ঘোষণা কৰা নাই অৰ্থ সাহাৰ্য
author img

By

Published : Jul 16, 2019, 4:49 PM IST

মাজুলী, 16 জুলাইঃ মঙলবাৰে বন্যাৰ্তৰ সকলৰ কাষত উপস্থিত হ'ল কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট ৷ সমগ্ৰ অসমৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। হেলিকপ্তাৰ যোগে মাজুলীত আহি উপস্থিত হোৱা মন্ত্ৰী গজেন্দ্ৰ সিঙে পোনে পোনে আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিৱিৰ পৰিভ্ৰমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ভবেশ কলিতাই। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ কৰ্মৰাজিৰ শলাগ লৈ অসম চৰকাৰৰ সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু আছে বুলি মন্তব্য কৰে ৷ কিন্তু বৰ্তমানলৈ অসমৰ বান পৰিস্থিতিৰ নামত কোনো অৰ্থ সাহাৰ্য ঘোষণা কৰা নাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি মঙলবাৰে মাজুলী আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত ৰঞ্জিত দত্তকে ধৰি চাৰিগৰাকী মন্ত্ৰীয়ে বান পীড়িতসকলৰ পৰিস্থিতিৰ বুজ লয় ৷ যদিও মাজুলীৰ বান বিধস্ত আন অঞ্চল সমূহ পৰিভ্ৰমণ কৰাৰ পৰা বিৰত থাকে ৷

Intro:মাজুলীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট ৰ বান পৰিস্থিতি অধ্যায়ন।

VO.... আজি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে অমসৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টি মাজুলীৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষন কৰে। হেলিকপ্তাৰ যোগে মাজুলীত আহি উপস্থিত হোৱা মন্ত্ৰী গজেন্দ্ৰ সিং পোনে পোনে আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিভ্ৰমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ভবেশ কলিতাই।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ কামক সলাগ লৈ অসম চৰকাৰৰ পাচত কেন্দ্ৰীয় চৰকাৰ আছে বুলি কয় যদিও কোনো অৰ্থ সাহায্য অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ঘোষনা নকৰে।

বাইট-- জি এচ চেখাৱত।
Body:ইফালে মাজুলী আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ আজি দিনটোৰ ভিতৰ ৰঞ্জিত দত্ত কে ধৰি চাৰি গৰাকী মন্ত্ৰীয়ে পৰ্যবেক্ষন কৰে। তাৰ বিপৰিতে মাজুলীৰ বিপৰ্যস্ত আন অঞ্চল পৰিভ্ৰমণ ৰ পোষকতা নকৰীলে।

বাইট - কেশৱ মহন্ত

Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.