মাজুলী,22মে': মাজুলীত এতিয়া ওপৰলৈ মুৰ তুলি চালেই দেখিবলৈ পোৱা যায় বৰ্ষাকালীন বিভিন্ন ফুলৰ লগতে এজাৰ ফুলৰ বেঙুনীয়া হাঁহি । যেন পাৰি থোৱা হৈছে এখন বেঙুনীয়া চাদৰ। কিন্তু এই ফুল দেখি হৃদয় জুৰ নপৰে মাজুলীবাসীৰ ৷ বেঙুনীয়া এজাৰৰ হাঁহিত নিজকে বিলীন কৰিব নোৱাৰে মাজুলীবাসীয়ে ৷ কাৰণ এজাৰে আনিছে বেজাৰ । এজাৰ ফুলা মানেই বাৰিষাৰ বান ৷ সংকিত নৈ-পৰীয়াবাসীক এজাৰ ফুলে সকিয়াই দিছে এজাৰ কাঠৰ নাও সংগ্ৰহ কৰি বাৰিষাৰ সংগ্ৰামৰ বাবে । যিহেতু বাৰিষা অহা মানেই মাজুলীবাসীৰ জীৱন সম্পত্তিৰ ভৰষা হৈ পৰে এজাৰ কাঠৰ নাওখন। সেয়েহে এজাৰ ফুলিলেই বেজাৰ লাগে মাজুলীবাসী ৰাইজৰ ৷ এজাৰ ফুলাৰ লগে-লগেই আৰম্ভ হয় বান বাৰিষাৰ দুখ দুৰ্ভাৱনা । বাৰিষা অহাৰ লগে লগেই এই এজাৰ ফুলে মাজুলীয়ালক অশনি সংকেট দিয়ে বান অহাৰ ৷
এই বাৰিষাৰ সময়খিনিত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীবাসীৰ জীৱনৰ লগত সংযুক্ত হৈ পৰে নৌকাখনে ৷ নৌকাৰ সৈতে মাজুলীয়ালৰ যি নিবিৰ সম্পৰ্ক, সেয়া যুগ যুগান্তৰৰ । চাৰিওদিশে মহাবাহুৱে আগুৰি থকা মাজুলীৰ বাৰিষাৰ কলিয়াপানী সদৃশ পৰিবেশত চলন- ফুৰণৰ লগতে বসবাসৰ একমাত্ৰ সম্বলেই হ’ল এই নৌকাখন । বাৰিষা অহাৰ লগে-লগে মাজুলীৰ লোকে ঘৰৰ ভেটি সলনি কৰা, গো-ধন , পৰিয়ালক নিৰাপদ স্থানলৈ নিয়াৰ ক্ষেত্ৰত এই নাওখনৰ গুৰুত্ব কিমান, সেয়া ভূক্তভোগী বানবিধস্ত মাজুলীৰ পৰিয়ালেহে অনুভৱ কৰিব পাৰিব ৷ এই নাওখন কেৱল যে গো-পালক , কৃষক, মৃৎ শিল্পী, ঘাট-পাৰাপাৰ, নৈ-পৰীয়াৰ বাবেই জৰুৰী তেনে নহয়, মাজুলীৰ প্ৰায় তিনি শতাধিক গাঁৱৰ অধিক সংখ্যক লোকৰ ঘৰতেই বিদ্যমান একোখনকৈ সৰু-বৰ নাও ৷
অসমৰ বিভিন্ন স্থানৰ লগতে কাজিৰঙালৈকো মাজুলীৰ শালমৰা শিল্পীয়ে নৌকা যোগান ধৰি অহা হৈছে এই নাও । মাজুলীৰ নৌকা কাজিৰঙা বণ্যপ্ৰানী সুৰক্ষাৰ লগতে টিয়ক ,লখিমপুৰ, ধলপুৰ ,ধেমাজি, গহপুৰ, গুৱাহাটী তেজপুৰ আদিলৈকো অৰ্ডাৰ অনুসৰি প্ৰেৰণ কৰা হয় । দিহিং, মাজুলীৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা এজাৰ গছ সংগ্ৰহ কৰি বান বিধস্ত শালমৰা, ভকত-চাপৰি, চিনাতলিকে ধৰি নদীদ্বীপ জিলাখনৰ বিভিন্ন স্থানৰ শতাধিক শিল্পী নৌকা নিৰ্মানত জড়িত হৈ পৰিছে এই ক’ভিডৰ মাজতো । মাজুলীৰ শালমৰাৰ অলৌকিক আকৃতিৰ টিং দিয়া নাৱৰ অসমতে আছে বিশেষ সুনাম । নৌকা নিৰ্মানৰ বাবে দিহিঙৰ এজাৰ কাঠ উপযুক্ত যদিও ইয়াক সহজতে সংগ্ৰহ কৰিব নোৱাৰি মাজুলীৰ এজাৰেৰে নৌকা নিৰ্মাণ কৰিছে এই সকল শিল্পীয়ে । এখন ১৫ হতীয়া নাৱৰ বৰ্তমানৰ মূল্য ১৬ হাজাৰ টকা । এই শিল্পৰ লগত জড়িত হৈ এইসকল শিল্পীয়ে পোহপাল দি আহিছে পৰিয়াল । অৱশ্যে বৰ্তমান এজাৰ কাঠ ক্ৰমাৎ নাইকিয়া হৈ পৰাৰ লগতে মহামাৰী ক’ভিডে শিল্পী সকলক পেলাইছে চৰম সংকটত । যাৰ বাবে এইসকল শিল্পী হৈ পৰিছে অধিক চিন্তিত । তথাপি এই সংকটৰ মাজতে বাৰিষাৰ বাবে নৌকা নিৰ্মান কৰি ককালত টঙালি বান্ধিছে নৈ পৰীয়া মাজুলীয়াল ৷
অন্য এক খবৰৰ বাবে: শপত গ্ৰহণ এৰি ক'ত গ'ল বিধায়ক চিৰাজুদ্দিন আজমল ?