ETV Bharat / state

মাজুলীবাসীক উপেক্ষা ব্ৰহ্মপুত্ৰ বৰ্ডৰ

237 কোটি টকীয়া জিঅ’ বেগ স্থাপনৰ কাম চলি থকাৰ নিচেই কাষতেই ব্যাপক খহনিয়া ৷ সাংবাদিক, স্থানীয় ৰাইজৰ মুখামুখি নোহোৱাকৈ পলায়ন ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ উচ্চ পদস্থ বিষয়া ৷

মাজুলীবাসীক উপেক্ষা ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ
মাজুলীবাসীক উপেক্ষা ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ
author img

By

Published : Jan 5, 2020, 2:00 PM IST

Updated : Jan 5, 2020, 3:25 PM IST

মাজুলী, 5 জানুৱাৰী: পুনৰ মাজুলীবাসীৰ আৱেগ, অনুভুতিক উপেক্ষা কৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ ৷ স্পৰ্শকাতৰ খহনীয়া অঞ্চল পৰ্যবেক্ষণৰ নামত ভেকোঁভাওনা কৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ কেন্দ্ৰীয় সংস্থাটোৱে পুনৰবাৰ নৈ পৰীয়া শালমৰা, দক্ষিণপাটবাসীক উপেক্ষিত কৰিলে ৷

পৰ্যবেক্ষণৰ নামত ভেকোঁভাওনা
পৰ্যবেক্ষণৰ নামত ভেকোঁভাওনা

মাজুলী ভ্ৰমণলৈ অহা ব্ৰহ্মপুত্ৰ বৰ্ডৰ 15 জনীয়া পৰ্যবেক্ষণ সমিতিয়ে নিমাতিৰ পৰা ফেৰীৰে আহি শালমৰাৰ 1 নং স্পাৰৰ উজনিৰ জিঅ’ পন্টলৈকে পৰ্যবেক্ষণ কৰি উক্ত স্থানতে বিভাগীয় গাড়ীত উঠি গড়মুৰলৈ ৰাওনা হয় ৷

এই উচ্চস্তৰীয় দলটিক সাক্ষাৎ কৰিবলৈ শালমৰাৰ ৰাইজ, মাজুলী আছুৰ প্ৰতিনিধি,মাজুলীৰ সাংবাদিকৰ এটি দলে ভয়াবহ খহনীয়া আৰু প্ৰতিৰোধ সম্পৰ্কত ভাৱ বিনিময়ৰ বাবে আশাপালি প্ৰায় তিনিঘন্টা ধৰি অপেক্ষা কৰি আছিল যদিও বৰ্ডৰ বিষয়া সকলে কোনো ধৰণৰ গুৰুত্ব নিদি আঁতৰি যোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক ৷ যাক লৈ মাজুলীত সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

237 কোটি টকীয়া জিঅ’ বেগ স্থাপনৰ কাম মাজুলীত
237 কোটি টকীয়া জিঅ’ বেগ স্থাপনৰ কাম মাজুলীত

উল্লেখ্য যে, টিকে কোম্পানিয়ে 237 কোটি টকাৰ আঁচনিৰ কাম কৰি থকা অংশৰ 50 মিটাৰ আঁতৰতেই খহিছে মূল ভূ-খণ্ড ৷ বৰ্তমান দুটাকৈ চাপৰি নিচিহ্ন হোৱাৰ পথত উপক্ৰম হৈছে ৷ যাৰ ফলত অতি স্পৰ্ষকাতৰ, খহনীয়াগ্ৰস্ত অঞ্চল হিচাপে পৰিগণিত হোৱা এই শালমৰাত 2004 চনৰ পৰা আৰম্ভ কৰা খহনীয়া প্ৰতিৰোধৰ পৰীক্ষামূলক আঁচনিৰ পিছত 2009 চনৰ দুই নৱেম্বৰত স্থায়ী সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত চাৰিটাকৈ শৈল্যস্পাৰ নিৰ্মাণ কৰা হৈছিল ৷

খহনিয়া অঞ্চল পৰ্যবেক্ষণৰ নামত হেমাহি ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ

এনে অসুৰক্ষিত শৈল্যস্পাৰক ভেঙুচালি কৰি শৈল্যস্পাৰ কেইটাৰ সমিপৱৰ্তী ভূখণ্ডৰ 300-400 মিটাৰ পৰ্যন্ত অন্ত ভাগলৈ খহাই অনাত নদীৰ মাজত জিলিকি ৰৈছে শৈল্যস্পাৰৰ বল্ডাৰ সমূহৰ ওপৰৰ অংশ ৷

Intro:ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ মনিটৰিঙ কমিতিৰ মাজুলী শালমৰাত টিকে কোম্পানীৰ কাম পৰিৰ্দশণ ৷

২৩৭ কোটি টকীয়া জীঅ বেগ স্থাপনৰ কাম চলি থকাৰ কাষতেই ব্যাপক খহনিয়া ৷

সাংবাদিক, স্থানীয় ৰাইজৰ মুখামুখি নোহোৱাকৈ পলাল ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ উচ্চ পদস্থ বিষয়া ৷

খৰালিতো চপৰা চপৰে খহিছে দ্বীপজিলাৰ বক্ষ
কাৰ্যকৰী আচনি ৰূপায়নত ব্যৰ্থ ব্ৰক্ষ্মপুত্ৰ বৰ্ড
-----------------------------+--------------------

V.O: মাজুলী বাসীৰ আৱেগ , অনুভুতিক আওকান কৰি অহা ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ কেন্দ্ৰীয় সংস্থাটোৱে পুনৰবাৰ নৈ পৰিয়া শালমৰা, দক্ষিণপাট বাসীক উপেক্ষিত কৰি খহনিয়াৰ স্পৰ্শকাতৰ অঞ্চল পৰ্যবেক্ষনৰ নামত ভেকোভাওনা কৰিলে ৷ মাজুলী ভ্ৰমনলৈ অহা ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ ১৫ জনীয়া মনিটৰিং কমিতিয়ে নিমাতিৰ পৰা ফেৰীৰে আহি শাল মৰাৰ ১ নং স্পাৰৰ উজনিৰ জি'অ পন্টলৈকে পৰ্যবেক্ষন কৰি উক্ত স্থানতে বিভাগীয় গাড়ীত উঠি গড়মুৰলৈ ৰাওনা হয় ৷ এই উচ্চস্তৰীয় দলটিক সাক্ষ্যাৎ কৰিবলৈ শালমৰাৰ ৰাইজ, মাজুলী আছুৰ প্ৰতিনিধী , মাজুলীৰ সাংবাদিকৰ এটি দলে ভয়াবহ খহনীয়া আৰু প্ৰতিৰোধ সম্পৰ্কত ভাৱবিনিময়ৰ বাবে আশাপালি প্ৰায় তিনিঘন্টা ধৰি অপেক্ষা কৰি আছিল যদিও বৰ্ডৰ বিষয়া সকলে কোনোধৰনৰ গুৰুত্ব নিদি, আতৰিযোৱাত ক্ষোভিত হৈ পৰে সকলো ৷ যাক লৈ এতিয়া মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ টিকে কোম্পানিয়ে ২৩৭ কোটি টকাৰ কৰ্ম আচনিৰ কৰি থকা অংশৰ ৫০ মিটাৰ আতৰতেই খহিছে মূল ভূ খণ্ড ৷ বৰ্তমান দুটাকৈ চাপৰি নিচিহ্ন কৰাৰ পথত ৷ যাৰ ফলত অতি স্পৰ্ষকাতৰ, খহনীয়া গ্ৰস্থ অঞ্চল হিচাপে পৰিগনিত হোৱা এই শালমৰাত ২০০৪ চনৰ পৰা আৰম্ভ কৰা খহনীয়া প্ৰতিৰোধৰ পৰীক্ষা মুলক আচনিৰ পিছত ২০০৯ চনৰ দুই নৱেম্বৰত স্থায়ী সুৰক্ষা আচনিৰ অন্তভুক্ত চাৰিটাকৈ শৈল্যস্পাৰ নিৰ্মান কৰিছিল ৷ এনে অসুৰক্ষিত শৈল্যস্পাৰক ভেঙুচালি কৰি শৈল্যস্পাৰ কেইটাৰ সমিপৱত্তী ভূখণ্ড ৩০০, ৪০০ মিটাৰ পৰ্যন্ত অন্ত ভাগলৈ খহাই অনাত নদীৰ মাজত জিলিকি ৰৈছে শৈল্য স্পাৰৰ বল্ডাৰ হেড কেইটা ৷

বাইট কাকু মণি কলিতা পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থা
বাইট অজিত হাজৰিকা মাজুলী মহকুমা ছাত্ৰ সন্থাBody:মাজুলীৰ পৰা যদুমণি শইকীয়াConclusion:
Last Updated : Jan 5, 2020, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.