ETV Bharat / state

Tezaswita Boruah Memories: তেজস্বিতাৰ স্মৃতি হ’ব যুগমীয়া, উন্মোচিত হ’ল প্ৰতিভাৰ আকৰ তেজস্বিতা - Tejaswita Baruah death

কোনেও পাহৰিব পৰা নাই মাজুলীৰ তেজস্বিতাক ৷ তেজস্বিতা বৰুৱা কায়িকভাৱে নোহোৱা হোৱা প্ৰায় তিনি মাহেই হ'বৰ হ’ল ৷ 14 বছৰ বয়সতে সকলোকে মুগ্ধ কৰি অজান দেশলৈ একেবাৰেই গুছি যোৱা তেজস্বিতাৰ স্মৃতিত আজি উন্মোচন কৰা হ’ল ‘প্ৰতিভাৰ আকৰ তেজস্বিতা’(Souvenir on Tezaswita Boruah)৷

Souvenir on Tezaswita Boruah
তেজস্বিতাৰ স্মৃতি হ’ব যুগমীয়া, উন্মোচিত হ’ল প্ৰতিভাৰ আকৰ তেজস্বিতা
author img

By

Published : Dec 29, 2022, 7:01 PM IST

তেজস্বিতাৰ স্মৃতি হ’ব যুগমীয়া, উন্মোচিত হ’ল প্ৰতিভাৰ আকৰ তেজস্বিতা

মাজুলী, 29 ডিচেম্বৰ: অতি কম বয়সতে কণ্ঠৰ যাদুৰে সকলোকে মুগ্ধ কৰি চলিত বছৰৰ 5 অক্টোবৰত কায়িকভাৱে বিদায় মাগিছিল মাজুলীৰ 14 বছৰীয়া শিল্পী তেজস্বিতা বৰুৱাই ৷ শংকৰোৎসৱৰ এক অনুষ্ঠানত বৰগীত পৰিৱেশনৰ বাবে যোৱা তেজস্বিতা হঠাৎ অসুস্থ হৈ পৰাৰ পাছত ঘূৰি নাহিল জীৱন্ত হৈ ৷ এই শোকাকুল ঘটনাই বাকৰুদ্ধ কৰি তুলিছিল সমগ্ৰ ৰাজ্যবাসীক ৷

তেজস্বিতা নোহোৱা হোৱা আজি প্ৰায় তিনিটা মাহেই হ'বৰ হ’ল ৷ তেজস্বিতা বৰুৱাক পাহৰিব পৰা নাই সমগ্ৰ অসমৰ লগতে মাজুলীবাসীয়ে ৷ শিল্পীগৰাকীক সুঁৱৰি বৃহস্পতিবাৰে মাজুলীত উন্মোচন কৰা হ’ল এখন স্মৃতিগ্ৰন্থ ৷ স্মৃতিগ্ৰন্থখনৰ নাম ৰখা হ’ল ‘প্ৰতিভাৰ আকৰ তেজস্বিতা’(Souvenir on Tezaswita Boruah)৷ গ্ৰন্থখন উন্মোচন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নিৰোদ বৰুৱাই (Prof Nirode Boruah)৷

শিল্পী তেজস্বিতা বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াসেৰে প্ৰস্তুত কৰা গ্ৰন্থখনৰ উন্মোচনী সভাখন অনুষ্ঠিত হয় মাজুলীৰ কমলাবাৰীৰ মিলন সংঘত (Majuli Milan Sangha)৷ অসমৰ বহুকেইগৰাকী স্বনামধন্য ব্যক্তিৰ মনত তেজস্বিতা বৰুৱাই পেলোৱা প্ৰভাৱ প্ৰকাশ কৰা হৈছে গ্ৰন্থখনত ৷ ‘নঙলামুখত’ শীৰ্ষক সম্পাদকীয়ৰে আৰম্ভ কৰা গ্ৰন্থখনত বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ লগতে বহু বিশেষ লোকৰ লেখনি প্ৰকাশ পাইছে (Anuradha Sharma Pujari about Tezaswita Boruah)৷

গ্ৰন্থ উন্মোচনী সভা উপলক্ষে মিলন সংঘত মিলিত হ’ল মাজুলীৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি ৷ তেজস্বিতাৰ সোঁৱৰণিত গ্ৰন্থ উন্মোচনী সভাখনত উদ্বোধক হিচাবে উপস্থিত থাকে গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী । সত্ৰাধিকাৰগৰাকীয়ে উদ্বোধন কৰা উক্ত সভাত উপস্থিত থাকে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ হাজৰিকা, মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ আনন্দ হাজৰিকা, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাৰ লগতে বহু গণ্য-মান্য ব্যক্তি ৷

লগতে তেজস্বিতাই অধ্যয়ন কৰা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী ছাত্ৰ-ছাত্ৰী আৰু মাজুলীৰ বিভিন্ন স্থানৰ লোকসকলৰ লগতে তেজস্বিতা বৰুৱাৰ পৰিয়ালৰ লোকসকলো উপস্থিত থাকে ‘প্ৰতিভাৰ আকৰ তেজস্বিতা’ৰ উন্মোচনী সভাত ৷ সভাত সমবেত সকলোৱে প্ৰয়াত কণমানি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷

উল্লেখ্য যে, তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছত (Tejaswita Baruah death)ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ চিকিৎসকৰ গাফিলতিৰ বাবেই কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ উক্ত অভিযোগৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজস্বিতাৰ পিতৃ-মাতৃৰ ওপৰতেই একপ্ৰকাৰ দোষ জাপি দি বিষয়টো সমাপ্ত কৰিছিল ৷

লগতে পঢ়ক: Wine shops in Assam : ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰৰ সুৰা ! ৭০০ খন নতুন সুৰাৰ বিপণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.