ETV Bharat / state

সাতাম পুৰুষীয়া শালমৰা নৌকা শিল্পলৈ নামিছে বিপদ ঘণ্টা - boat culture of Salmora in danger

সত্ৰীয়া-সংস্কৃতিৰে ভৰপূৰ মাজুলীলৈ প্ৰতিবছৰে আগমণ ঘটে দেশ-বিদেশৰ বিভিন্ন পৰ্যটকৰ ৷ মাজুলীলৈ যাতায়তৰ অন্যতম উপায় হৈছে নাও ৷ কিন্ত সাতামপুৰুষীয়া শালমৰাৰ নৌকা শিল্পলৈ নামি আহিছে বিপদঘন্টা ৷ এই গাঁৱৰ লোকসকলে নৌকা শিল্পক জীয়াই ৰাখিবৰ আপ্ৰাণ চেষ্টা কৰিছে যদিও চৰকাৰী উদাসীনতাত ভৱিষ্যত হীন হৈ পৰিছে পুৰণি ব্যৱসায়টো ।

boat culture of Salmora in danger
সাতাম পুৰুষীয়া শালমৰা নৌকা শিল্পলৈ নামি আহিছে বিপদ ঘণ্টা
author img

By

Published : Jan 14, 2020, 7:55 PM IST

মাজুলী,14 জানুৱাৰী : ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী মাজুলী ৷ সত্ৰনগৰী মাজুলীলৈ প্ৰতিবছৰে আগমণ ঘটে দেশ-বিদেশৰ বিভিন্ন পৰ্যটকৰ ৷ সত্ৰীয়া-সংস্কৃতিৰে ভৰপূৰ মাজুলীলৈ যাতায়তৰ অন্যতম উপায় হৈছে নাও ৷ মাজুলীৰ শালমৰা গাঁৱত বছৰ বছৰ ধৰি বংশানুক্ৰমে চলি আহিছে নাও শিল্পীসকলৰ ব্যৱসায় ৷ মাজুলীৰ বান গড়াখহনীয়াৰ অতি স্পৰ্শকাতৰ অঞ্চল হৈছে শালমৰা । কিন্ত সাতামপুৰুষীয়া শালমৰাৰ নৌকা শিল্পলৈ নামি আহিছে বিপদঘন্টা ৷ এই গাঁৱৰ লোকসকলে নৌকা শিল্পক জীয়াই ৰাখিবৰ আপ্ৰাণ চেষ্টা কৰিছে যদিও চৰকাৰী উদাসীনতাত ভৱিষ্যতহীন হৈ পৰিছে পুৰণি ব্যৱসায়টো। বৃহত্তৰ শালমৰাৰ প্ৰায় ৫৫০ টা পৰিয়ালে নৌকা শিল্প আৰু মৃৎ শিল্পক এতিয়াও প্ৰধান ব্যৱসায় হিচাপে লৈ জীৱিকা নিৰ্বাহ কৰি আছে।

সাতাম পুৰুষীয়া শালমৰা নৌকা শিল্পলৈ নামি আহিছে বিপদ ঘণ্টা

প্ৰবাদ অনুসৰি প্ৰাক শংকৰী যুগত এই গাঁৱৰ পৰা নিৰ্মিত নাও আহোম ৰজায়ো নাও খেলত ব্যৱহাৰ কৰিছিল ৷ উল্লেখ্য যে শৰাইঘাট ৰণত শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰা নাও ব্যৱহাৰ কৰিছিল ৷ শালমৰা শিল্পীসকলে আজাৰ কাঠেৰে নিৰ্মাণ কৰা নাও সমূহ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলোতে ব্যৱহাৰ হয় ৷ বৰ্তমান সময়ত শালমৰা অঞ্চলত আজাৰ কাঠ নাটনি হোৱাৰ ফলত সামগ্ৰী নিৰ্মাণৰ পৰিমাণ মাজুলীত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি এইসমূহ পৰিয়াল সন্মুখীন হৈছে কেঁচা সামগ্ৰী নাতনিৰ ৷ মাজুলী বিশ্ব ঐতিহ্য বহন কৰাৰ অন্যতম দাবীদাৰ শালমৰাৰ নাওশিল্পী সকলে অতি দুখজনকভাৱে জীয়াই থাকিবলগীয়া হৈছে ৷ বানসমস্যাৰে জৰ্জৰিত এই নাও শিল্পী সকলৰ জীৱনধাৰা অতি দুখজনক ৷ এওঁলোকৰ এই শিল্পৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ চৰম অৱহেলাৰ ফলত বাৰুকৈয়ে প্ৰভাৱ পৰিছে ৷ এই অৱস্থাত তেওঁলোকৰ শিল্পৰ প্ৰতি গুৰুত্ব নিদিলে এদিন হয়তো এই প্ৰচীন শিল্পৰ অস্তিত্ব নাথাকিব ৷

আৰু পঢ়ক : মাজুলীত আৰম্ভ 'মনগীত' ফেষ্টিভেল

Intro:সাতাম পুৰুষীয়া শালমৰাৰ নৈকা শিল্পৰ বিপদ ঘণ্টা :
চৰকাৰী উদাসীনতাত ভৱিষ্যত হীন ইতিহাস পুৰণি ব্যৱসায়।

Into :বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰে যি সময়ত পৃথিৱীৰ প্ৰায় সকলোবোৰ কাৰ্যত পৰিৱৰ্তন আনিছে ঠিক তেনে সময়তো দেশৰ চুকে কোনে চলি আছে বহু আও পুৰণি ব্যৱসায় । বিশ্বায়নৰ যুগত গ্ৰাম্য অঞ্চলৰ আৰ্থসামাজিক ক্ষেত্ৰটো পৰিলে ব্যাপক প্ৰভাৱ,। যি প্ৰভাৱত গ্ৰাম্য সমাজৰ পৰা হেৰাই যাব ধৰিছে বহু পুৰনি ব্যৱসায় ৷ তাৰ বিপৰিতে মাজুলীৰ এখন গাৱত এতিয়াও বিদ্যমান এনে শতিকা পুৰনি ব্যৱসায় ৷ মাজুলীৰ বান গড়াখহনীয়াৰ অতি স্পৰ্ষকাতৰ অঞ্চল হিচাপে বিবেচিত শালমৰা । এই গাঁৱৰ সকলে জীয়াই ৰাখিবৰ আপ্ৰাণ চেষ্টা ৰাখিছে নৈকা শিল্পক ৷ বৃহত্তৰ শাল মৰাৰ প্ৰায় ৫৫০ টা পৰিয়ালে নৈকা শিল্পৰ আৰু মৃৎ শিল্পক এতিয়াও প্ৰধান ব্যৱসায় ।

বাইট : কন্তি হাজৰিকা

মাজুলীৰ শালমাৰ নাও শিল্প বৰ্তমান বাজিছে বিপদ ঘণ্টা । মাজুলীৰ শালমৰ এই সকল নৈকা শিল্পীয়ে নিজা ঘৰত নাওঁ নিৰ্মান কৰাৰ ওপৰিও অসমৰ বিভিন্ন জিলা শিৱসাগৰ, তিনিচুকিয়া, ডিব্ৰুগড়ৰ লগতে উত্তৰ পাৰৰ লক্ষিমপুৰ, ধেমাজি, শোনিতপুৰ আদি জিলা লগতে শদিয়া পৰা ধুবুৰীলৈ ভিন্ন স্থানত নাওঁ নিৰ্মান আৰু বিক্ৰী কৰি আহিছে, । এই সকল নৈকা শিল্পী সদায় উপেক্ষিত হৈ আহিছে চৰকাৰী সা সুবিধাৰ পৰা ৷ কঠোৰ জীৱন সংগ্ৰামেৰে জীয়াই ৰখা ইসিহাস পূৰনি নৈকা শিল্প আৰু চৈ দিয়া নাঁৱৰ ব্যৱসায়েৰে অসমৰ এক প্ৰাচীন বনিজক জীয়াই ৰখা এই সকল পৰিশ্ৰমী কৰ্মপটু লোকৰ বাবে ভাবিবলৈ চৰকাৰী পক্ষৰ আহৰি ওলাবনে ৷ সম্পৰ্তি এই সমূহ পৰিয়াল সন্মুখীন হৈছে কেঁচা সামগ্ৰী নাতনিৰ ৷ এই সময়ত শালমৰা অঞ্চলত আজাৰ কাঠ নাটনি হোৱাৰ বাবে যাৰ ফলত সামগ্ৰী নিৰ্মানৰ পৰিমান মাজুলীত হ্ৰাস পাইছে ৷ অনাগত দিনত চৰকাৰ খনে যদি এই নৈকা শিল্পৰ উদ্যোগটোক জীয়াই ৰখাৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰে তেতিয়াহলে উদ্যোগটো খুউব কম দিনত হেৰাই যোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে আওপুৰনি ব্যাৱস্থাৰে বৰ্তমানো এই নৈকা শিল্প নিৰ্মানৰ কাম চলি থকাৰ বাবে নৈকা শিল্প লগত জড়িত পৰিয়ালৰ যুৱক সকলৰ অনিহা বাঢ়ি অহা পৰিলক্ষিত হৈছে ৷ যি অনীহাই আহি থকা দিনত শিল্পটোৰ প্ৰতি ভাবুকি মাটি আনিছে ।

বাইট-নীয়ন হাজৰিকা

বাইট- জান কলিতা

Body:মাজুলীৰ পৰা যদুমনি শইকীয়া ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.