মাজুলী, 26 আগষ্ট : শুকুৰবাৰে মাজুলীৰ আগশাৰীৰ মহাবিদ্যালয় পূৱ মাজুলী মহাবিদ্যালয়ত এটা বিনামূলীয়া ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় (Blood donation camp held at East Majuli College) । অসম কলেজ শিক্ষক সংস্থা মাজুলী মণ্ডলৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ লগতে প্ৰাক্তন ছাত্ৰ সমাৰোহ সমিতি সহযোগত আয়োজন কৰা হয় এই শিবিৰৰ ।
শুকুৰবাৰে পুৱাৰে পৰা আয়োজন কৰা এই শিবিৰত মাজুলী মহাবিদ্যালয়ৰ বৰ্তমান কেইবাগৰাকী শিক্ষাৰ্থীৰ লগতে বহু কেইজন প্ৰাক্তন শিক্ষাৰ্থীয়েও ৰক্তদান কৰে । ৰক্তদান কৰা শিক্ষাৰ্থীকেইগৰাকীয়ে কয়, ‘‘ৰক্ত দান মহান দান ৷ এনেদৰে ৰক্তদান কৰিবলৈ পাই আমি সুখী অনুভৱ কৰিছো ৷ কিয়নো আমি দিয়া এটোপাল ৰক্তই কাৰোবাৰ জীৱন বচাব পাৰে’’ ৷
লগতে সকলোকে এই ৰক্তদানৰ দৰে কাৰ্যসূচীত আগবাঢ়ি আহিবলৈও অনুৰোধ জনায় ।
ইফালে শিক্ষাৰ্থীসকলে এনেদৰে ৰক্তদান কৰিবলৈ ওলাই অহা দেখি মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলৰ মাজতো উৎসাহ পৰিলক্ষিত হয় ৷ তেওঁলোকে কয়, শিক্ষাৰ্থীসকলে এনেদৰে ৰক্তদান কৰিবলৈ অহাটো এটা শুভ লক্ষণ ( Coming to donate blood is a good sign) বুলি অভিহিত কৰে ।
লগতে পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথত ছাত্ৰ সংগঠনৰ প্ৰতিবাদ