ETV Bharat / state

Majuli bye election 2022: দলীয় কৰ্মীৰে মত-বিনিময় দুই বিজেপি নেতাৰ

author img

By

Published : Feb 11, 2022, 7:31 PM IST

অহা ৭ মাৰ্চত অনুষ্ঠিত হ'ব মাজুলীৰ উপ-নিৰ্বাচন (Majuli bye election 2022)। উপ-নিৰ্বাচনক লৈ প্ৰতিটো দল ব্যস্ত হৈ পৰিছে । প্ৰাৰ্থিত্বৰ বাবে বিজেপিৰ কেইবাগৰাকী নেতাৰ নাম চৰ্চাত আছে ।

Majuli bye election 2022
দলীয় কৰ্মীৰে মত বিনিময় দুই বিজেপি নেতাৰ

মাজুলী,১১ ফেব্ৰুৱাৰী : মাজুলীৰ উপ-নিৰ্বাচনক (Majuli bye election 2022) লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । শাসকীয় বিজেপিয়েও ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । ইয়াৰ মাজতে প্ৰাৰ্থিত্বক লৈ বিজেপি দলৰ মাজত বিশেষ গুণাগথা চলিছে । কেইবাগৰাকী নেতাৰ নাম বিশেষভাৱে চৰ্চাত থকাৰ মাজতে মাজুলীত উপস্থিত অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু ঢকুৱাখানাৰ বিধায়ক নৱ দলে ।

দলীয় কৰ্মকৰ্তাৰ সৈতে মত-বিনিময় দুয়োগৰাকী নেতাৰ । ইফালে বিজেপিয়ে এতিয়ালৈ কোনো প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই যদিও বিজেপিৰ মিত্ৰদল অগপ আৰু গণশক্তিৰ কৰ্মকৰ্তাৰ সৈতে আলোচনা কৰি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । অৱশ্যে বিমল বৰাই উল্লেখ কৰা মতে এই ক্ষেত্ৰত কেন্দ্ৰীয় কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ।

Majuli bye election 2022: দলীয় কৰ্মীৰে মত-বিনিময় দুই বিজেপি নেতাৰ

অৱশ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত আছে হেমচন্দ্ৰ দলে, ভুৱন গাম, বিতোপন দলে ,নৃপেন কামনা, ৰাজ শেখৰ দলে, লোকনাথ কুটুমৰ লগতে সাংসদ প্ৰদান বৰুৱা নাম । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গীতৰ প্ৰসংগত মন্তব্য কৰি মন্ত্ৰী বিমল বৰাই কয় যে কংগ্ৰেছ দলৰ স্থিতি যিহেতু দুৰ্বল হৈ পৰিছে সেইবাবে সাংস্কৃতিক দিশত গুৰুত্ব আৰোপ কৰিলে তেওঁ আগুৱাই যাব পাৰিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :বুঢ়া আঙুলি দেখুওৱাৰ পিছতো কিয় শ্বেৰমান-শশীক বহিষ্কাৰ কৰিব পৰা নাই কংগ্ৰেছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.